🔹 ভৱিষ্যৎ গঢ়াৰ সপোন দেখিছিলহে মাত্ৰ কণমানিটিয়ে
🔹 চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন : মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান পিতৃ-মাতৃৰ
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : জীৱন গঢ়াৰ আৰম্ভণিতে বাধাৰ সৃষ্টি হ’ল ওদালগুৰিৰ পানেৰীৰ উত্তৰ গেজেৰকুছিৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তানৰ সন্মুখত । ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গেজেৰকুছিৰ পৱিত্ৰ শইকীয়া আৰু নীলিমা শইকীয়াৰ ১৭ বছৰীয়া কন্যা সন্তান কাশ্মীৰী শইকীয়া পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়েৰে পৰা এক জটিল ৰোগ (ব্ৰেইন টিউমাৰ)ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৱিত্ৰ শইকীয়াৰ মূৰত যেন এতিয়া সৰগ ভাগি পৰিছে । ২০১৭ চনৰ পৰাই মঙলদৈ অসামৰিক চিকিৎসালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা চিকিৎসালয়কে ধৰি বহুকেইখন চিকিৎসালয়ত চিকিৎসা কৰিও কোনোধৰণৰ সুফল নোপোৱাত ভাগৰি পৰিছে পৰিয়ালটো । বিগত বৰ্ষকেইটিত বহু কষ্টেৰে পিতৃ-মাতৃয়ে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও সুস্থ কৰিব নোৱাৰিলে কন্যা কাশ্মীৰীক । ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ ভেটিটোৰ বাদে সকলো সা-সম্পত্তি বিক্রী কৰি উপায়হীন হৈ পৰিছে। অৱশেষত নেদেখাজনৰ ওচৰত অৰ্পণ কৰিছে সন্তানক। কেইবাবাৰো ব্ৰেইন টিউমাৰৰ অস্ত্ৰোপচাৰ কৰিছিল যদিও কোনোধৰণৰ সুফল পোৱা নাই । বর্তমান উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বাহিৰলৈ নিবলৈ দিছে যদিও পৰিয়ালটোৰ বাবে আর্থিক সংকটে দেখা দিছে । যাৰ ফলত পৰিয়ালটোৰ লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তর্গত দৰিদ্র পৰিয়ালটোৱে উপায়হীন হৈ সংবাদ মাধ্যমৰ ওচৰ চাপিবলগীয়া হৈছে। যিহেতু আর্থিকভাবে জুৰুলা পৰিয়ালটোৱে কোনোমতে পেটে-ভাতে খাই চলি থকাত কন্যা সন্তানক চিকিৎসা কৰিবলৈ অসমৰ্থ হৈ পৰিছে । সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্ৰীৰ লগতে স্থানীয় জনপ্ৰতিনিধিক কাতৰ আহ্বান জনাইছে সন্তানটিক চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ। মুখ্যমন্ত্রীৰ লগতে ইচ্ছুক ব্যক্তিয়ে যেন সুস্থ কৰিবলৈ সহায়ৰ হাত আগবঢ়ায় তাৰে কামনা কৰিছে কাশ্মীৰীৰ পিতৃ-মাতৃয়ে। কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে টংলা বেংক শাখাৰ একাউন্ট নং:- 7077026003339 আই এফ চি আই নং :- PUNBORRBAGB ( 7077) অথবা গুগলপে নাম্বাৰ 8753988429 আৰু 9127460357 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
প্ৰেৰক পিংকু কলিতা