নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদ :  পৌৰসভা ঘেৰাও

🔹 ব্যৱসায়ী বনাম জিলা প্ৰশাসন-পৌৰসভা

🔹 জিলা আয়ুক্তক স্মাৰক-পত্ৰ : প্ৰশাসনে ল’লে ৭ দিনৰ সময়

নিয়মীয়া বার্তা, ২২ নৱেম্বৰ : যি সময়ত সাধাৰণ ব্যৱসায়ী এজনে অশেষ কষ্টৰ মাজেৰে নিজৰ ব্যৱসায় চলাই নিজৰ পৰিয়াল পোহপাল দি আহিছে, সেই সময়তে মৰিগাঁও জিলা প্ৰশাসন আৰু পৌৰসভাই গ্ৰহণ কৰা এক সিদ্ধান্তই মৰিগাঁও নগৰৰ বহু ব্যৱসায়ীৰ জীৱনলৈ অমানিশা নমাই অনাৰ প্ৰতিবাদত আজি মৰিগাঁও জিলা চেম্বাৰ্ছ অৱ কমাৰ্চৰ সভাপতি নিপুণ বৰা আৰু সম্পাদক মিলন ডেকাৰ নেতৃত্বত সমগ্ৰ নগৰৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ব্যৱসায়ীসকলৰ স্পষ্ট দাবী আছিল যে বাছ আস্থান পৰিৱৰ্তনক লৈ তেওঁলোকৰ কোনো আপত্তি নাই, কিন্তু নগৰৰ ভিতৰত সৰু-বৰ যাত্ৰীবাহী বাহনৰ প্ৰৱেশত প্ৰশাসনে বাধা প্ৰদান কৰাৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকলে দুৰ্ভোগ ভোগাৰ লগতে স্থানীয় থলুৱা ব্যৱসায়ীসকলেও ব্যৱসায়ত মাধমাৰ খাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মা আৰু পৌৰপতি যোগেশ মেধিৰ আলোচনামৰ্মে লোৱা অদূৰদর্শী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন চলিব বুলি ব্যৱসায়ীসকলে ঘোষণা কৰাৰ লগে লগে ব্যৱসায়ীসকলে দলে-বলে নগৰলৈ ওলাই আহে। মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা পৰিকল্পনাহীনভাৱে যাত্ৰীবাহী বাছ আস্থান স্থানান্তৰৰ প্ৰতিবাদত আজি মৰিগাঁও চহৰৰ ব্যৱসায়ীসকলে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ব্যৱসায়ীসকলে প্ৰতিবাদী সমদল উলিয়ায় । আনহাতে, আজি প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো যদি মৰিগাঁও জিলা প্ৰশাসন আৰু পৌৰসভাই উক্ত হঠকাৰী সিদ্ধান্ত বাতিল নকৰে, তেন্তে অধিক কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি মৰিগাঁও চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলে হুংকাৰ প্ৰদান কৰিছে। আনহাতে, আজি মৰিগাঁও জিলা আয়ুক্তক ব্যৱসায়ীসকলে স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পিছত প্ৰশাসনৰে হোৱা মৌখিক আলোচনাৰ অন্তত ব্যৱসায়ীসকলৰ ৭ দফীয়া দাবী পূৰণৰ বাবে প্ৰশাসনে ৭ দিনৰ সময় বিচাৰে। মৰিগাঁও জিলা চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি নিপুণ বৰাই মৰিগাঁও জিলা প্ৰশাসনে ফেচিষ্ট নীতি লোৱা বুলি মন্তব্য কৰি সৰ্বসাধাৰণৰ বাবে জিলা আয়ুক্তক চিন্তা কৰিবলৈ আহ্বান জনোৱাৰ লগতে অহা ৭ দিনৰ ভিতৰত প্ৰশাসনে ব্যৱসায়ীসকলৰ দাবীৰ প্ৰতি উচিত সঁহাৰি জনাব বুলি আশা প্ৰকাশ কৰে। আনহাতে, মৰিগাঁৱৰ একাংশ তথাকথিত বুদ্ধিজীৱী, সমাজকৰ্মীৰ দুমুখীয়া নীতিৰ বাবেই মৰিগাঁও জিলা আয়ুক্ত আৰু সাধাৰণ ব্যৱসায়ীৰ মাজত অনাকাংক্ষিত সংঘাত সৃষ্টি হোৱা বুলি বিভিন্নজনে মন্তব্য কৰিছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like