নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। আজি লাহৰীঘাটৰ বৰবৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । লাহৰীঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীটো এমৰাজুল হক ( ৩০ ) । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ২০টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ ওজন ১১.২২ গ্ৰাম।
প্ৰেৰক আবুল কালাম