নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : ৩১সংখ্যক পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “মধুবন” ২৩ নৱেম্বৰৰ সন্ধিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাই।  সাংবাদিক  আমিনুল  হকৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ “মধুবন” আনুষ্ঠানিকভাৱে উন্মোচন কৰি  ড° ডেকাই ৰাসতত্ত্বৰ লগতে স্মৃতিগ্ৰন্থৰ প্ৰয়োজনীয়তাৰ ওপৰত ভাষণ ৰাখে। এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি কুশল ডেকাৰ সভাপতিত্বত ৰাসস্থলীৰ মঞ্চত অনুষ্ঠিত উন্মোচনী সভাত  বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে। সভাত উদযাপন সমিতিৰ সম্পাদক ৰাজীৱ শৰ্মায়ো বক্তব্য ৰাখে। সভাত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিকুল হক, স্মৃতিগ্ৰন্থৰ সভাপতি গৌতম গোস্বামী আদিয়ে উপস্থিত থাকি মঞ্চ শুৱনি কৰা তথা যথেষ্ট লোক উপস্থিত থকা সভাখনত স্মৃতিগ্ৰন্থৰ সম্পাদক আমিনুল হকে সভাৰ উদ্দেশ্য ব্যাখ্যা তথা সম্বৰ্ধনা অনুষ্ঠান, স্মৃতিগ্ৰন্থৰ সভাপতি গৌতম গোস্বামীয়ে সম্পাদনা সমিতিৰ হকে দুআষাৰ  আৰু  স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সদস্য দ্বীপেন দাসে শলাগৰ শৰাই আগবঢ়ায়।

প্ৰেৰক উৎপল মেধি 

You might also like