ডিব্ৰুগড়ত নদী শীৰ্ষক চুটি ছবিৰ প্ৰিমিয়াৰ শ্ব’
বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : দুখন গাঁৱৰ মাজত এখন বোৱতী নদী! গাঁওখনক ভালপোৱা অকৃত্ৰিম মৰম, শ্ৰোণী বিভক্ত সমাজ। তাৰ মাজতে নদীৰ বিৰ্ভিষিকা, সকলো থানবান। কাৰোবাৰ জীৱনলৈ নামি অহা কাল ধুমুহাক লৈ উদীয়মান সাংস্কৃতিক কৰ্মী ৰাতুল গগৈৰ দ্বাৰা ৰচিত সুন্দৰ কাহিনীৰ জৰিয়তে নিৰ্মাণ কৰা চুটি ছবি ‘নদী’ ৰ প্ৰিমিয়াৰ শ্ব’ ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। ৰাতুল গগৈ আৰু সৌৰভ জ্যোতি দাসৰ পৰিচালনাত নিৰ্মাণ সম্পন্ন হোৱা” নদী” নামৰ চুটি ছবি খনৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে জেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰাই। জেষ্ঠ সাংবাদিক দুৱৰাই বন্তি প্ৰজ্বলন কৰি কয় যে, ইতিহাসৰ বুকুত যিমান সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে,সকলো নদীক লৈ গঢ় লৈ উঠিছে।নদীৰ অবিহনে জাতি জীয়াই থাকিব নোৱাৰে।এটা জাতিৰ সভ্যতা সংস্কৃতিৰ উত্তৰোণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নদীয়ে।’নদী’ নামৰ চুটি ছৱিখনৰ প্ৰিমিয়াৰ শ্ব’ মুকলি কৰি তেওঁ লগতে কয় যে এই নদী নামৰ ছৱি খনে ভাষা, কৃষ্টি, সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব। নদীৰ সৈতে জড়িত সকলো কলা-কুশলীক তেওঁ অভিনন্দন জনাই কয় যে, তেওঁ লোকৰ এই প্ৰচেষ্টা নদীৰ দৰে নিৰবধি বৈ গৈ সাগৰত পৰকগৈ। অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইয়ে কয় যে,নদী এটা জাতিৰ বাবে অভিশাপ হ’ব পাৰে, আৰ্শীবাদ হ’ব পাৰে।এই নদীয়ে এটা জাতিৰ সভ্যতা সংস্কৃতিক আগুৱাই নিয়ে, এখন নদীয়ে নিমিষতে এখন ঘৰ ভাঙি চুৰমাৰ কৰি নদীৰ বুকুত সপোন ভাঙি দিব পাৰে,বিভিষিকাময় পৰিস্থিতি সৃষ্টি কৰিব পাৰে, ইপিনে এখন নদীক কেন্দ্ৰ কৰিয়েই বহুতৰ বাবে আত্মসংস্থাপনৰ পথ হ’ব পাৰে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি ‘নদী’ নামৰ চুটি ছবি খনে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। শেহতীয়াকৈ উদীয়মান বহু সাংস্কৃতিক কৰ্মীয়ে চুটি ছবি নিৰ্মাণৰ জৰিয়তে অসমৰ ভাষা, কৃষ্টি-সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি কৈ ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্বিযায়ৰ বিভিন্ন চুটী ছৱি প্ৰতিযোগিতাত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে নতুন নতুন প্ৰতিভাৰো সৃষ্টি কৰাৰ বাবে তেওঁলোকে এখন মঞ্চ দি আগুৱাই যাবলৈ দিয়া বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, সাংস্কৃতিক কৰ্মী গৌৰৱ গগৈকে প্ৰমুখ্যে কৰি ডিব্ৰুগড়ৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেইবা শতাধিক লোকৰ উপস্থিতিৰে প্ৰিমিয়াৰ শ্ব’উপভোগ কৰা চুটি ছবি খনত অভিনয় কৰিছে ক্ৰমে বিকু বিকাশ গগৈ,মাম্পী সন্দিকৈ,কুশ দাস,কাশ্যজ্যোতি গগৈ,আশ্বিক মেহেৰা, শিশু শিল্পী অনচ্ প্ৰতিম গোহাঁই, বিতুপন দুৱৰা, দিব্য সোনোৱাল,মেৰী মেছ, ৰীনা গগৈ আৰু কাৰ্তিকে। ছবিখনৰ সংলাপ ৰাতুল গগৈৰ।