নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীন অসমৰ সপোন দেখা বন্দুকধাৰী বিপ্লৱীৰ হাতত এতিয়া কাচি

🔹 নলবাৰীত কৃষি বিপ্লৱত নামিছে প্ৰাক্তন আলফা নেতা জিতু গোস্বামী
বিশেষ বাৰ্তা,  ২৫ নৱেম্বৰ : এসময়ত হাতত অস্ত্ৰ লৈ স্বাধীন অসমৰ সপোন দেখি বিপ্লৱ কৰা যুৱকজনে এতিয়া হাতত তুলি লৈছে কাচি। সম্প্ৰতি নলবাৰীত কৃষি বিল্পৱ গঢ়াত নামি পৰা এই যুৱকজন হৈছে প্ৰাক্তন আলফা নেতা জিতু গোস্বামী। প্ৰাক্তন আলফা নেতাজনে ৪০ বিঘা মাটিত ধান খেতি, ২৫০ বিঘা মাটিত মীন পালনেৰে দেখুৱাইছে আদৰ্শ। এসময়ৰ সেনা-আৰক্ষী বাহিনীৰ মূৰৰ কামোৰণি হৈ পৰিছিল এইগৰাকী বন্দুকধাৰী সংগ্ৰামী নেতা। এসময়ৰ দুৰ্ধৰ্ষ আলফা নেতাগৰাকীৰ হাতত এতিয়া বন্দুকৰ পৰিৱৰ্তে দেখিবলৈ পোৱা যায় কাচি৷ এইগৰাকী প্ৰাক্তন আলফা নেতাই নলবাৰীত দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি৷ হাতত অস্ত্ৰৰ পৰিৱৰ্তে কাচি লৈ পথাৰত কৃষি বিপ্লৱত ব্যস্ত জিতু গোস্বামী৷ প্ৰাক্তন আলফা নেতা জিতু গোস্বামীৰ নলবাৰীত প্ৰকৃত অসমীয়াগিৰিয়ে একাংশ কৰ্মবিমুখ নৱপ্ৰজন্মক আদৰ্শৰ বাট দেখুৱাবলৈ সক্ষম হৈছে।উল্লেখ্য যে ১৯৯০ চনত আলফাত যোগদান কৰি ২০১১ চনত বাংলাদেশৰ পৰা পোনে পোনে আলোচনাপন্থী শিবিৰত চামিল হোৱা আলফাৰ ছিনিয়ৰ লেফটেনেণ্ট জিতু গোস্বামীয়ে নলবাৰীৰ সন্ধাৰ কৈৰাৰাত আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ বৰ্তমান অসম নৱনিৰ্মাণ কেন্দ্ৰৰ নলবাৰীৰ পৰিচালকৰ দায়িত্বত থকা প্ৰাক্তন আলফা নেতা জিতু গোস্বামীয়ে কৈৰাৰাৰ স্থানীয় কেইজনমান  যুৱকক লগত লৈ প্ৰায় ৪০ বিঘা মাটিত বাহাদুৰ, জহা, আইজুং আদি ধানৰ খেতিৰে কৃষিকৰ্ম আৰম্ভ কৰিছে৷ ইপিনে, নলবাৰীৰ কুটনিকুছিত প্ৰায় আঢ়ৈশ বিঘা ভূমিত কৰিছে মীন পালন। প্ৰাক্তন আলফা নেতা জিতু গোস্বামীৰ এনে প্ৰচেষ্টা কৃষি চহকী জিলা নলবাৰীৰ সমাজ ক্ষেত্ৰখনত আদৰ্শনীয় হৈ পৰিছে।লগতে আন বহুতৰ বাবে জিতু গোস্বামী নিদৰ্শন হৈ পৰিছে।

 

প্ৰেৰক অৰূপ বৰ্মন

You might also like