কাইলৈৰ পৰা গুৱাহাটীত তিনিদিনীয়াকৈ পেৰা স্প’ৰ্টছ মীট
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ উদয়াচলৰ উদ্যোগত কাইলৈৰ পৰা ২৯ নৱেম্বৰলৈ তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটী মহানগৰীত প্রথমবাৰলৈ অনুষ্ঠিত হ’ব নর্থ–ইষ্ট পেৰা স্প’টছ মীট৷ অসম পেৰা অলিম্পিক এছ’চিয়েচনৰ সহযোগত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত অনুষ্ঠিত হ’ব লগা এই পেৰা স্প’ৰ্টছ মীটত উত্তৰ–পূর্বাঞ্চলৰ ছয়খন ৰাজ্যৰ মুঠ ৫৭৫গৰাকী পেৰা এথলীটে অংশগ্রহণ কৰিব৷ উদয়াচলত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰিছে নর্থ–ইষ্ট পেৰা স্প’টছ মীটৰ আয়োজক সমিতিৰ সভাপতি তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷ তেওঁ কয়– পোনপ্রথমবাৰৰ বাবে এই স্প’ৰ্টছ মীট আমি আৰম্ভ কৰিছোঁ৷ ২০০৭ চনৰ পৰাই উদয়াচলে যাদৱ চন্দ্র ভূঞা ন্যাসৰ অধীনত এই কামখিনি কৰি আছিল৷ গতিকে বহুদিনৰ পৰাই এই কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে আমি চিন্তা কৰি আছোঁ৷ এইবাৰ সুযোগ–সুবিধা সকলো মিলাৰ লগতে ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছোঁ৷ অনুষ্ঠানটো সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো পক্ষৰ পৰা তেওঁ সহায়–সহযোগিতাও কামনা কৰে৷ সংবাদ মেলত অংশ লৈ আয়োজক সমিতিৰ সাংস্কৃতিক আহ্বায়ক জাৰিৰ হুছেইনে কয় যে উত্তৰ–পূর্বাঞ্চলৰ ছয়খন ৰাজ্য ক্রমে ত্রিপুৰা, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মেঘালয় আৰু অসমৰ মুঠ ৫৭৫গৰাকী পেৰা এথলীটে ইয়াত অংশ ল’ব৷ মুঠ পাঁচটা শাখাত মহানগৰীৰ ৩টা স্থানত এই প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব৷ ইয়াৰে পেৰা এথলেটিকছ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ লগতে পেৰা ছুইমিং, পেৰা বেডমিণ্টন আৰু পেৰা টেবুল টেনিছ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত হোৱাৰ লগতে পেৰা বকচিয়া উদয়াচলত অনুষ্ঠিত হ’ব৷ অহা ২৭ নৱেম্বৰত সৰুসজাইত দিনৰ প্রায় ১১ বজাত জনসংযোগ, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই পেৰা স্প’ৰ্টছ মীট উদ্বোধন কৰিব৷ সেইদিনাৰ অনুষ্ঠানটোত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ সচিবপ্রধান জয়ৱন্ত হামনাৱাৰে অংশগ্রহণ কৰিব৷ তদুপৰি স্প’ৰ্টছ মীটৰ ব্রেণ্ড এম্বেছাডৰ ৰূপে নিযুক্তি দিয়া হৈছে শচীন ছামাৰিয়াক৷ তেওঁ কয় যে উত্তৰ–পূর্বাঞ্চলত সংঘবদ্ধভাৱে পূর্বতে কেতিয়াও পেৰা স্প’টছ মীট অনুষ্ঠিত হোৱা নাই৷ এয়াই প্রথম৷ আমাৰ বাবে এয়া এক বৃহৎ ইভেণ্ট৷ ইয়াৰ পাছত পৰৱর্তী সংস্কৰণটো অৰুণাচল প্রদেশত অনুষ্ঠিত হ’ব৷ সংবাদ মেলৰ সৈতে সংগতি ৰাখি নর্থ–ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ মাস্কট ‘পোহৰ’ আৰু স্প’ৰ্টছ মীটৰ খেলুৱৈসকলৰ জার্ছীও উন্মোচন কৰা হয়৷ এটা ধনেশ পক্ষীৰ আর্হিত মাস্কট ‘পোহৰ’ক ব্যৱহাৰ কৰা হৈছে৷ মাস্কটটোৱে কঢ়িয়াই ফুৰা অগ্নিশিখাৰ চাৰিওফালে ৭ডাল ফিটা অংকন কৰা হৈছে৷ উক্ত ৭ডাল ফিটাই উত্তৰ–পূর্বাঞ্চলৰ ৭খন ৰাজ্যক প্রতিনিধিত্ব কৰিছে বুলিও তেওঁ লগতে কয়৷ উল্লেখ্য যে বৃহৎ এই প্রতিযোগিতাখনত সর্বাধিক পদক লাভ কৰা ৰাজ্যলৈ আগবঢ়োৱা হ’ব যাদৱ চন্দ্র ভূঞা স্মাৰক চেম্পিয়নছ ট্রফী৷ উক্ত ট্রফীটো ইয়াৰ পাছৰে পৰা প্রতি বছৰে চলন্ত ট্রফী ৰূপে প্রৱর্তিত হ’ব বুলিও তেওঁ লগতে কয়৷ ২৯ নৱেম্বৰত বৃহৎ এই স্প’ৰ্টছ মীটৰ সামৰণি পৰিব৷ সেইদিনাখন সন্ধিয়া সামৰণী অনুষ্ঠানত ‘মিৰাকল্ছ অন হুইলছ’–এ সুন্দৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷ সংবাদ মেলত আয়োজক সমিতিৰ সাংগঠনিক সচিব ৰাজীৱ দে’ প্রমুখ্যে আন বিষয়ববীয়াসকলো উপস্থিত থাকে৷