ব’ৰ্ডাৰ-গাভাস্কাৰ ট্রফী : শীর্ষ ক্রমৰ বেটাৰৰ ব্যর্থতাত চিন্তিত অষ্ট্রেলিয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ পার্থ টেষ্টত চাৰি দিনতে আত্মসমর্পন কৰাৰ পিছত সম্প্রতি চাপত আছে অষ্ট্রেলিয়া৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ পার্থত অনুষ্ঠিত প্রথমখন টেষ্টত অষ্ট্রেলিয়াই টীম ইণ্ডিয়াৰ হাতত ২৯৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়৷ টেষ্টখনত আত্মসমর্পণ কৰাৰ পিছতে অষ্ট্রেলিয়া দলটো কঠোৰ সমালোচনাৰ সন্মুখীন হয়৷ পার্থ টেষ্টৰ পৰাজয়ে অষ্ট্রেলিয়াৰ আত্মবিশ্বাস ভাঙি পেলাইছে বুলি মন্তব্য কৰিছে দেশখনৰ প্রাক্তন অধিনায়ক গ্রেগ চেপেলে৷ ঘৰুৱা দল অষ্ট্রেলিয়াক শীর্ষক্রমৰ বেটাৰৰ ব্যর্থতাই চিন্তাত ৰাখিছে বুলি উল্লেখ কৰি গ্রেগ চেপেলে কয় যে বুমৰাহ আৰু ছিৰাজৰ বিধ্বংসী বলিঙৰ সন্মুখত অষ্ট্রেলিয়া দলটোৰ আগশাৰীৰ বেটাৰসকল ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ শৃংখলাৰ প্রথমখন টেষ্টত পৰাজয় হোৱাটো ঘৰুৱা দলটোৰ বাবে শুভলক্ষণ নহয়৷ অভিজ্ঞ বেটাৰ ওছমান খাৱাজা, মার্নাছ লাবুচানে আৰু ষ্টিভেন স্মিথৰ ব্যর্থতাই পার্থ টেষ্টত অষ্ট্রেলিয়াৰ পৰাজয়ৰ মূল কাৰণ বুলি উল্লেখ কৰি গ্রেগ চেপেলে লগতে কয় যে এডিলেইডত দিবা–নৈশভাৱে হ’বলগীয়া টেষ্টখনত প্রত্যাৱর্তন কৰিবলৈ হ’লে পেট কামিনছ বাহিনীৰ আগশাৰীৰ বেটাৰসকলে গুৰুদায়িত্ব ল’ব লাগিব৷ টেষ্টখনলৈ বহুদিন বাকী আছে৷ গতিকে এইকেইদিনত শীর্ষক্রমৰ বেটাৰসকলে নিজৰ ছন্দ ঘূৰাই অনাৰ বাবে কঠোৰ অনুশীলন কৰিব লাগিব৷ অষ্ট্রেলিয়াৰ বাবে ভাল খবৰটো হ’ল যে এডিলেইডত খেলা সাতখন দিবা–নৈশ টেষ্টৰ আটাইকেইখনতে অষ্ট্রেলিয়াই জয়লাভ কৰিছে৷ গতিকে এই জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে অষ্ট্রেলিয়াৰ হাতত সুবর্ণ সুযোগ আহি পৰিছে৷ ইপিনে ৰোহিত শর্মাৰ প্রত্যাৱর্তনে ভাৰতীয় দলটোক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি ব্যক্ত কৰে গ্রেগ চেপেলে৷ ইফালে ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে অষ্ট্রেলিয়াৰ ১৩ জনীয়া দলটো ঘোষণা কৰিছে অষ্ট্রেলিয়াৰ মুখ্য প্রশিক্ষক এন্দ্রিউ মেকড’নাল্ডে৷ এডিলেউডত হ’বলগীয়া দিবা–নৈশ টেষ্টখনৰ বাবে ঘোষিত অষ্ট্রেলিয়ান দলটো হ’ল– ওছমান খাৱাজা, নাথান মেকছুইনী, মার্নাছ লাবুচানে, ষ্টিভেন স্মিথ, ট্রেভিছ হেড, মিচেল মার্শ্ব, এলেক্স কেৰী, পেট কামিনছ, মিচেল ষ্টার্ক, নাথান লিঅ’ন, জ’ছ হেজলউড, জ’ছ ইংলিছ আৰু স্ক’ট ব’লাণ্ড৷