ৰূপহীহাটৰ লাওখোৱাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : ৰূপহীহাটৰ লাওখোৱাত আজি দুপৰীয়া পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সুৰাসক্ত চালকে টাটা মেজিক বাহন এখনে মহতিয়াই নিয়ে পিতৃ সহ শিশু কন্যাক৷যাৰ বাবে গুৰুতৰ বাবে আহত হয় কন্যা শিশু গুনগুন দাসৰ লগতে পিতৃ তনুৰাম দাস ওৰফে টুটুমণি ৷ সুৰাসক্ত অৱস্থাত উদণ্ড চালকে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা তীব্ৰ বেগে পলায়ন কৰিবলৈ লওতেই ৰখাই থোৱা আন এখন যাত্ৰীবাহী টেম্পুতো খুন্দা মাৰে৷ স্থানীয় ৰাইজে উদণ্ড চালক হেণ্ডিমেনক আটক কৰি লপাথপা দি আমবাগান আৰক্ষীক গতাই দিয়ে৷ আৰক্ষী আৰু স্থানীয় ৰাইজে আহত হোৱা দুজনক উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও তনুৰাম দাস ওৰফে টুটুমণিৰ মৃত্যু হয়৷ দুৰ্ঘটনা সংঘটিত কৰা টাটা মেজিক বাহনখনৰ নম্বৰ হৈছে এএছ-১৩-এচি-৩৯৫২ ৰখাই থোৱা টেম্পুখনৰ নম্বৰ হৈছে এএছ-০২-বিচি-৩৯৫২৷ আনপিনে গতিৰোধকৰ দাবীত স্থানীয় ৰাইজে লাওঁখোৱা তিনিআলfত পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ৷ নগাঁও-নলতলী ৰাজ্যিক ঘাইপথ অৱৰোধৰ কৰাৰ ফলত সৃষ্টি হয় তীব্ৰ যানজটৰ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও শাম কটা নাই উত্তপ্ত পৰিস্থিতিৰ৷ অৱশেষত ৰাইজৰ প্ৰতিবাদক সেও মানিলে প্ৰশাসনে৷ গতিৰোধকৰ দাবীত পথ অৱৰোধ চলি থকাৰ মাজতেই গতিৰোধক দিয়াৰ ব্যৱস্থা কৰিলে প্ৰশাসনে৷ পথ দুৰ্ঘটনা সংঘটিত হৈ স্থানীয় যুৱক তনুৰাম দাস ওৰফে টুটুমণি মৃত্যু হোৱাৰ হোৱাৰ পিছতেই ৰাইজে নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ লাওঁখোৱাত পথ অৱৰোধ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ৷ তৎক্ষণাৎ প্ৰশাসনে ঘটনাস্থলীত স্পীড বেকাৰৰ কাৰণে লৈ আনিলে শিলগুটি ৰোলাৰ মেচিন৷ গতিৰোধকৰ দাবীত প্ৰায় ৩ ঘণ্টা সময় পথ অৱৰোধ কৰি আছিল স্থানীয় ৰাইজে স্পীড বেকাৰৰ ব্যাৱস্থা কৰাৰ পিছতেই শাম কাটে পৰিস্থিতিৰ৷
প্ৰেৰক জহিৰুল ইছলাম