নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰণক্ষেত্ৰত পৰিণত ছিপাঝাৰৰ ৰাজপথ, এবিভিপিৰ সদস্যক ইটাৰে আক্ৰমণ আছুৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : ছিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা নিশা ৰণ ক্ষেত্ৰত পৰিণত হৈ পৰে ছিপাঝাৰৰ ৰাজপথ।আনকি নিৰ্বাচিনী ফলাফল ঘোষণাৰ পিছতে নিশা উলিওৱা সমদলৰ সময়তে শ্বহীদ ভৱনৰ সন্মুখৰ ৰাজপথত দুয়োটা সংগঠনৰ মাজত সুত্ৰপাত হোৱা সংঘাটে হতাহতি পৰ্যন্ত ৰূপ লয়গৈ। উল্লেখযোগ্য যে কালি অনুষ্ঠিত হৈছিল ছিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। এই লৈ দুটাকৈ ছাত্ৰ সংগঠন ক্ৰমে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক গোটৰ মাজত মনোনয়ন পত্ৰ জমা দিয়া দিন ধৰি এক শীতল যূজ চলি আছিল। ইফালে কালি ভোটগণণাৰ অন্তত ছাত্ৰ পৰিষদৰ কেৱল মাত্ৰ সভাপতি পদত আছূ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে বাকী দহটা পদতেই বিজয়ী হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত  প্ৰাৰ্থী। সন্ধিয়া এই ফলাফল ঘোষণা হোৱাৰ পিছত দূয়োটা ছাত্ৰ সংগঠনেই  মহাবিদ্যালয়ৰ চৌহদত নিজৰ নিজৰ পতাকা লৈ দলীয় শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ পিছত নিশা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নিজৰ সমৰ্থিত বিজয়ী প্ৰাৰ্থী কেইগৰাকীক লৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এটা বিজয় সমদল উলিয়ায়।এই বিজয় সমদলটো ছিপাঝাৰৰ ধনাই বৰা চকস্হিত শ্বহীদ ভৱনৰ সন্মুখ পাছতেই সৃষ্টি হয় এক হুলস্হুলীয়া পৰিবেশৰ। আনকি ৰাজপথতে সৃষ্টি হয় আছু আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যৰ সংঘাট।সংঘাট মানে একেবাৰে হতাহতি-থেলা থেলি পৰ্যায়লৈ পৰ্যবেসিত হৈ পৰে। এইক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অভিযোগ মতে বিজয় সমদলটো শ্বহীদ ভৱন সন্মুখ পোৱাৰ সময়তে ভবনৰ ভিতৰ আৰু চৌহদৰ পৰা অখিল ভাৰতীয় পৰিষদৰ সদস্য সকলক উদ্দেশ্য কৰি শিল,ইটাৰ টুকুৰা নিক্ষেপ কৰাৰ লগতে গালৈ ফটকাও দলিয়াই।আছুৰ সদস্য সকলৰ এই আচৰণত  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য সকলে উভতি ধৰাৰ পিছতে সৃষ্টি হয় কুৰুক্ষেত্ৰ সদৃশ পৰিবেশৰ। শ্বহীদ ভৱনৰ সন্মুখৰ ৰাজপথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নিশা দহ-এঘাৰ মান বজাৰ ভিতৰত চলা এই উত্তপ্ত পৰিস্থিতিত স্বাভাৱিকতেই হতচকিত হৈ পৰে স্হানীয় ৰাইজ।ঘটনাই অৱশ্যে ইয়াতকৈ আৰু ভয়াবহ ৰূপ লোৱাৰ পূৰ্বেই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। কিন্তু এখন শিক্ষা নুষ্ঠানৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এনেদৰে ছাত্ৰ নামধাৰী সংগঠনৰ সদস্য‌ই সংঘটিত কৰা কাৰ্য্য‌ই লজ্জানত কৰি তুলিছে ছিপাঝাৰৰ শৈক্ষিক মহলক্। শিক্ষা নুষ্ঠানৰ ছাত্ৰ পৰিষদৰ নিৰ্বাচনতো দলীয় ৰাজনীতিৰ প্ৰভাব পৰাৰ বাবেই এনেদৰে ছিপাঝাৰত ছাত্ৰ পৰিষদৰ নিৰ্বাচনতে ছাত্ৰৰ মাজতে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি চৰ্চিত হৈছে্।
প্ৰেৰক ৰণজিত নাথ
You might also like