নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ গড়াজানৰ বিয়াঘৰত নিমাওমাও পৰিৱেশ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰূপহীহাটৰ গড়াজানৰ যিটো ঘৰত থাকিব লাগিছিল অনন্দময় পৰিবেশ। থাকিব লাগিছিল মানুহৰ সমাগম ব্যস্ততা, থাকিব লাগিছিল মাছ, মাংসৰ গোন্ধত আমোল মোল এক পৰিৱেশ। কিন্তু তাত আজি দেখা গৈছে নীৰৱ, নিস্তব্ধ কৰুণ এক পৰিবেশ। কালি বুধবাৰ, গড়াজানৰ গুণধৰ সৰকাৰৰ ডাঙৰ জীয়ৰী নৱস্মিতা সৰকাৰ ওৰফে আখিৰ শুভ বিবাহ দিন আছিল। বিবাহৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছিল পেণ্ডেলৰ কাম। শুকুৰবাৰে সন্ধিয়া আখিৰ বিয়া উপলক্ষে ভাতৃ ভাস্কৰজ্যোতি সৰকাৰৰ সৈতে নৱস্মিতা সৰকাৰ বজাৰ কৰিবলৈ গৈছিল নগাঁৱলৈ। কোনোৱে সপোনতো নভবা ঘটনাটো সংঘটিত হ’ল ২২ নৱেম্বৰ শুকুৰবাৰে নিশা। ভাতৃ ভাস্কৰজ্যোতি সৰকাৰৰ সৈতে নৱস্মিতা সৰকাৰ নগাঁৱলৈ বজাৰ কৰিবলৈ যোৱাৰ পিছত পৰিয়ালটোৰ ওপৰত সংঘটিত হৈছিল এক বৰ্বৰ আক্ৰমণৰ ঘটনা। কোনো দূৰ্বৃত্তই ঘৰত সোমাই ডিঙি ৰেপি হত্যা কৰিছিল গুণধৰ সৰকাৰ, পত্নী সুৰধ্বনী সৰকাৰ আৰু কন্যা জয়স্মিতা সৰকাৰৰ লগতে নৱস্মিতা সৰকাৰৰ প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰক। ঘটনাৰ আজি ৬ দিন উকলি গ’ল। এতিয়া ঘৰৰ চৌহদত বিৱাহৰ পেণ্ডেল আছে কেৱল নাই মানুহ, আছে কেৱল নিমাওমাও পৰিৱেশ। দৰা কইনা দুয়োজন আছে তথাপি নহয় বিৱাহ। এক হৃদয়বিদাৰক ঘটনাক লৈ এক শোকাকুল পৰিবেশ।

প্ৰেৰক জহিৰুল ইছলাম

You might also like