নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযানত আটক ৫ যুৱক

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ অবৈধ কয়লা খননত জড়িত পাঁচজনক আটক। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বিভিন্ন এলেকাত অবৈধ চোৰাং কয়লা বেহা চলি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা যোৱা তহলদাৰী দলে অবৈধ কয়লা খননত জড়িত পাঁচ জন যুবকক টিপঙত আটক কৰে। টিপং সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খননত জড়িত আছিল যুবককেইজন। আটকাধীন যুৱককেইজনৰ ঘৰ মেঘালয় ৰাজ্যত বুলি জানিব পৰা গৈছে। আটকাধীন যুৱককেইজনৰ নাম ক্ৰমে এন চাংমা, অজয় এম চাংমা, দানেন চাংমা ইষ্টিক, মমিম জান মাৰাক একাংশ লোকে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও অবৈধ কয়লা খনন কাৰ্যত নিয়োগ কৰিবলৈ লোক আনি থকাৰ অভিযোগ উত্থাপিত হৈ হৈছে। এই লোকসকলে ৰেট হ’ল মাইনিং কৰি অবৈধ ভাবে কয়লা খান্দি সৰবৰাহ কৰা অৱস্থাত বন কৰ্মী দলে আটক কৰি বন বিষয়া কাৰ্যালয় আজি লৈ আনে। আটকাধীন যুৱককেইজন কয়লা ব্যৱসায়ী ৰাণা আৰু জিতুৰ হৈ কাম কৰিছিল বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে এনে অবৈধ শ্ৰমিক আটকে কয়লাৰ চোৰাং বেহা হৈ থকাটো নিশ্চিত কৰিছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like