নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা কাছাৰৰ উধাৰবন্দৰ খাছপুৰত ডকাইতি

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ নিশা কাছাৰ জিলাৰ উধাৰবন্দ খাছপুৰত সংঘটিত হৈছে এক দুৰ্ধৰ্ষ ডকাইতি কাণ্ড। অস্ত্ৰধাৰী ডকাইতৰ দলে এজন ব্যবসায়ীৰ ঘৰৰ পৰা লুটি নিলে নগদ ধন সহ সোণৰ আ-অলংকাৰ৷ জানিব পৰা মতে, নিশা আনুমানিক ১ বজাত ৬/৭জনীয়া এটা অস্ত্ৰধাৰী ডকাইতৰ দল স্থানীয় ৰামধন গোয়ালা নামৰ এজন ব্যৱসায়ীৰ ঘৰত গ্ৰিল ভাঙি প্ৰবেশ কৰা। আৰু ঘৰৰ ভিতৰত প্ৰবেশ কৰি ডকাইতৰ দলে পৰিয়ালৰ লোক সকলক মাৰধৰ কৰি ৰচিৰে বান্ধি লয়। আৰু ইয়াৰ পাছত ঘৰত ভিতৰত তাণ্ডৱ চলায় ডকাইতৰ দলটোৱে। ঘৰৰ আলমাৰী ভাঙি নগদ প্ৰায় ১ লাখ টকা সহ কেইবা লাখ টকাৰ সোণৰ আ অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলটোৱে। কেৱল ঘৰ নহয় ব্যৱসায়ীজনৰ দোকানৰ পৰা কেইবা হাজাৰ টকা লুটি লৈ যায় ডকাইতৰ দলটোৱে। ইপিনে ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক গৌতম তালুকদাৰ

You might also like