নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বনাঞ্চল ধ্বংসৰ ফলত বাঢ়িছে বন্যহস্তীৰ ত্ৰাস

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। এচাম চোৰাং কাঠ ব্যৱসায়ীয়ে সোণাৰি নগৰৰ গাতে লাগি থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কেইবা হাজাৰ হাজাৰ শালগছ কাটি তহিলং কৰাত সংকুচিত হৈ পৰিছে বনাঞ্চল। বছৰ বছৰ ধৰি সংৰক্ষিত বনাঞ্চলখনত বনৰীয়া হাতীৰ একাধিক জাক আশ্রয় গ্রহণ কৰি থকা বিষয়টো গুৰুত্ব আৰোপ নকৰি এই সমাজ বিৰোধী লোকৰ এনে অবিবেচকী কৰ্মকাণ্ডৰ বাবেই চলিত বর্ষত অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি কথা প্রকাশ কৰিছে স্থানীয় একাংশ লোকে। স্থানীয় লোকৰ প্ৰতিবাদ, বিৰোধিতাক ভ্রূক্ষেপ নকৰি সংৰক্ষিত বনাঞ্চলত চলোৱা বন ধ্বংসযজ্ঞৰ বাবেই সম্প্রতি অঞ্চলটোত হাতী-মানুহৰ সংঘাত অস্বাভাবিকভাবে বৃদ্ধি পাইছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰি নগৰৰ সমীপবৰ্তী কেইবাখন গাঁৱত নিতৌ নিশা উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকে। স্থানীয় লোকে জনোৱা মতে,প্রায় ১৫/২০টা বনৰীয়া হাতীয়ে অঞ্চলসমূহত উপদ্ৰৱ চলাই শালিধানৰ খেতি তহিলং কৰে। জানিব পৰা মতে, বন্যহস্তীৰ জাকে অঞ্চলসমূহৰ খেতি-পথাৰৰ বিস্তৰ ক্ষতি কৰে। বন্যহস্তীৰ ধাৰাবাহিক উপদ্ৰৱৰ বাবেই বহু গৃহস্থই নিজৰ শালিধানৰ পথাৰত কাচিয়েই লগাব পৰা নাই অঞ্চলটোৰ বহু লোকে আনৰ ভূমি লীজত লৈ কৰা শালিধানৰ খেতি বন্যহস্তীৰ জাকে তহিলং কৰাত মাটিৰ মালিকৰ ঋণ পৰিশোধৰ দুশ্চিন্তাত ভুগিবলগীয়া হৈছে তেওঁলোক। শালিধানৰ খেতি খাই, তহিলং কৰাৰ লগতে গাঁও সমূহত নিশা বন্যহস্তীৰ জাক প্রৱেশ কৰি বাৰীৰ গছ-গছনি, তামোল বাগান, কলখেতিৰ লগতে ঘৰ-দুৱাৰ ভাঙি আতংকৰ সৃষ্টি কৰিছে বুলি প্রকাশ কৰিছে একাংশ লোকে। বিভিন্ন এলেকাত বন্যহস্তীয়ে প্রায় এমাহ ধৰি উপদ্ৰৱ চলাই কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পাছতো হাতী খেদিবলৈ বন বিভাগে ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like