আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত গোৱৰাদলৰ কৃষক-দাৱনী
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ এতিয়া আঘোণৰ বতৰ৷ বছৰৰ বাৰ মাহৰ অন্যতম আঘোণ মাহৰ মাদকতা অনেক৷ কৃষকৰ সপোন,প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য্য আৰু হেমন্তৰ হিমে ধুই নিকা কৰা মাহটোৱেই হ’ল আঘোণ৷আঘোণৰ পথাৰত এতিয়া হেঁপাহৰ সোণগুটি বোটলাৰ বতৰ। আঘোণৰ মাজতে লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন। আঘোণ বুলিলেই গাঁৱৰ বুকুত উখল-মাখল পৰিৱেশ।আঘোণৰ আছে এক গাম্ভীৰ্য্যতা, আছে তাৎপৰ্য্যতা আৰু বিশেষত্ব। সেয়া বুজি পায় কেৱল এজন চহা জীৱন কটোৱা অসমীয়া খেতিয়কেহে। আঘোণ মাহতে সোণোৱালী হৈ উঠে আঘোনৰ পথাৰ। আঘোণৰ পকা ধানে গাঁৱৰ প্ৰাণত উছাহৰ হিল্লোল তোলে। আঘোনৰ পথাৰেই চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল।আঘোণ কৃষক ৰাইজৰ অতি হেঁপাহৰ মাহ। সোণবৰণীয়া আঘোণৰ পথাৰত পকাধানে ৰিঙিয়াই মাতে। পকাধানৰ আমোলমোল গোন্ধই আকৰ্ষিত কৰে সকলোকে। আঘোণতে লুকাই থাকে চহা কৃষকৰ সপোনবোৰ। আঘোণ মানেই যেন পথাৰৰ সোণোৱালী সোণগুটি। এই আঘোণতেই বিধে-বিধে ভৰপক হৈ পৰিছে ৰঞ্জিত, বাহাদুৰ,জহা-বৰাকে ধৰি বিভিন্ন জাতৰ ধান। মুঠৰ ওপৰত এতিয়া যেনিয়েই চোৱা যায় তেনিয়েই কেৱল সোণোৱালী লখিমী। বছৰটো চলিব পৰাকৈ ধান উৎপাদন হ’ব নে নাই, খেতি বিনষ্ট হোৱা আদি নানান চিন্তাই জুমুৰি দি ধৰাৰ পাচত এই আঘোণ মাহতে কৃষকৰ মনে শান্তি পায়,কৃষকৰ মুখত হাঁহি বিৰিঙে।আঘোনত লহপহীয়া খেতিডৰা দেখি আনন্দেৰে মন ভৰে কৃষকৰ ।শাওন মহীয়া প্ৰখৰ ৰ’দ বৰষুণ একাকৰ কৰি বোকা পানী গচকি বহু কষ্টৰে হাল কোৰ মাৰি হেপাঁহৰ খেতি দৰা ৰোপন কৰাৰ অন্তত আপোন পথাৰখনত হেপাহৰ ধাননি দৰা যেতিয়া সোনগুটিৰে উপচি পৰে তেতিয়া কৃষকসকল স্বাভাৱিকতেই আনন্দত আত্মহাৰা হৈ পৰে ৷বাৰিষাৰ ৰ’দ-ঘাম একাকাৰ কৰি খেতি কৰি সোণগুটিৰ সপোন দেখা কৃষকক আঘোণে আনি দিয়ে কৰ্মময় জীৱনৰ স্বাদ, প্ৰদান কৰে পৰিশ্ৰমৰ সুমিষ্ট ফল। মন মতলীয়া কৰা পকা ধানৰ সুগন্ধই খেতিয়কৰ মনৰ পৰা আঁতৰাই নিয়ে বাৰিষাৰ বিষাদ আৰু বিপৰ্যয়ৰ কথা।কষ্টৰ ফল লাভ কৰাৰ আনন্দত আত্মহাৰা হৈ পৰে সকলো৷আঘোণ মাহতেই পকা ধানে ৰিঙিয়াই মাতে কৃষক-দাৱনীক। আৰু এই আঘোনতে কৃষকৰ সপোন সোণগুটি চপোৱাৰ সময়৷আঘোণত ব্যস্ততাৰ যেন অন্ত নাই দাৱনী আৰু চহা কৃষকৰ। বতাহত হালিজালি আছে হেঁপাহৰ লখিমীৰ থোক। এককথাত ক’বলৈ গ’লে ৰাজ্যৰ সকলো পথাৰতে এই মাহত গাঁৱে-ভূঞে দাৱনী-কৃষকসকল ব্যস্ত হৈ পৰে সোণালী বসন পিন্ধা পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ বাবে৷ভৰা আঘোণে পূৰণ কৰে চহা খেতিয়কৰ সাতোৰঙী স্বপ্ন।বহু আশা বুকুত বান্ধি কঁপালৰ ঘাম মাটিত পেলাই শাওনমহীয়া পথাৰত সপোন ৰচা সোণগুটি এতিয়া ঘৰলৈ নিয়াৰ সময়৷এই সময় খিনিত দাৱনীৰ পৰা ডাঙৰি উঠোৱা মানুহজনলৈকে কাৰোৰেই যেন আহৰি নাই৷ আৰু এনে সময়তে কৃষি ভূমিৰ লখিমীক আদৰাৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে নলবাৰী জিলাৰ গোৱৰাদল গাঁওখনৰ কৃষক ৰাইজ৷আঘোণৰ পথাৰৰ সোণোৱালী সোণগুটি দেখি হাঁহি বিৰিঙি উঠিছে গাঁওখনৰ কৃষকৰ মুখত৷সোণগুটিৰে ভৰি পৰা পথাৰত এতিয়া হাতে হাতে কাঁচি লৈ নামি পৰিছে গাঁৱৰ কৃষক- দাৱনীসকল।সেয়েহে এতিয়া ধাননি পথাৰত শুনিবলৈ পোৱা গৈছে ধান কটাৰ কেছ কেছ শব্দ৷ কৃষক- দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক। কৃষক আৰু দাৱনীয়ে কটা ধানৰ ডাঙৰীৰে চোতাল উপচি পৰিছে গৃহস্থৰ৷ভৰি পৰিছে কৃষকৰ ভঁৰাল৷সনোৱালী ধানগুটি দেখি এতিয়া স্বাভাৱিকতেই হাঁহি বিৰিঙি উঠিছে গাঁওখনৰ কৃষকৰ মুখত৷লখিমীক চপাই আনন্দে নধৰা হৈছে কৃষকৰ হিয়া।কেৱল গোৱৰাদলৰ পথাৰতে নহয়, এতিয়া ৰাজ্যৰ বিভিন্ন স্থানৰ পথাৰতো এই দৃশ্য দেখিবলৈ পোৱা গৈছে । হাঁহি আনন্দেৰে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ খেতিয়ক পৰিয়াল।সকলোৰে এতিয়া শস্য চপোৱাৰ ব্যস্ততা। শস্য ঘৰলৈ চপোৱাৰ দিনকেইটা খেতিয়ক পৰিয়ালৰ বাবে অতি উলহ-মালহৰ দিন। অতি ব্যস্ততাৰে ভৰা দিন। ডেকা-বুঢ়া কাৰো আজৰি নাথাকে। ঘৰৰ গৃহিনীসকলো হাত সাবটি বহি নাথাকে। নিজ নিজ কামত উঠি-পৰি লাগে একান্তভাৱে। কৃষক পৰিয়ালৰ মহিলা, জীয়ৰী-বোৱাৰীয়েও আঘোণ মাহ পৰাৰ লগে লগে লখিমী আদৰিবলৈ নিজৰ-নিজৰ ভঁৰালটো পুনৰাই নতুন গোৱৰ-মাটিৰে লেপি-মচি নকৈ তৈয়াৰ কৰে ৷চোতালখনো মৰণা মাৰিবলৈ চুৰুকি-চাৰাকি,গোৱৰ-মাটিৰে মচি নকৈ সাজু কৰে৷লগতে ন-ধানৰ চাউল মুঠি উলিয়াই প্ৰথমে গোসাঁই ঘৰত শৰাই আগবঢ়োৱাৰ পাছত আৰম্ভ হয় ঘৰে ঘৰে ন-খোৱা উৎসৱ। আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ সৈতে ন-খোৱাৰ আয়োজন কৰে প্ৰতিঘৰ গঞাই। নতুন ধানৰ চাউলেৰে নখোৱাৰ বাবে ভিন্ন ধৰণৰ আয়োজনতো ব্যস্ত হৈ পৰে গাঁওৰ জীয়ৰী-বোৱাৰী ৷
প্ৰেৰক শৈলেন বৰ্মন