‘ডেম–ডেউকা’ৰ গৱেষণাত বিশ্বৰ ৪ৰ্থ অসমৰ ড০ ৰাজীৱ গগৈ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ডিচেম্বৰঃ জৈৱ–বৈচিত্র্য সংৰক্ষণৰ গৱেষণাৰ ক্ষেত্রখনলৈ অনবদ্য অৱদান আগবঢ়াই আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ জিলিকি উঠিল অসম সন্তান ড০ ৰাজীৱ গগৈ৷ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন স্থানত গৱেষণা কৰি সাফল্য লাভ কৰা ড০ গগৈক শেহতীয়াকৈ ছুইজাৰলেণ্ডৰ পৰা প্রকাশিত বিশ্বৰ আগশাৰীৰ আলোচনী এমডিপিআই–হর্টিকালচ্ বিশেষ স্বীকৃতি প্রদান কৰিছে৷ গৱেষণা ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁক আলোচনীখনে এই স্বীকৃতি প্রদান কৰিছে৷ জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে ২০১২ চনৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন স্থানত গৱেষণা কৰি ২০টাতকৈও অধিক ডেম–ডেউকাৰ প্রজাতি আৱিষ্কাৰ কৰিছে৷ এই গৱেষণাসমূহৰ জৰিয়তে তেওঁ ভাৰতৰ হৈ এই বিষয়টো আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রতিষ্ঠা কৰাত উল্লেখনীয় অৱদান আগবঢ়াইছে৷ ১৯৪৭ চনৰ পৰা ২০২৩ চনলৈকে এই বিষয়টোৰ ওপৰত গৱেষণা কৰা বিশ্বৰ লোকসকলৰ ভিতৰত চতুর্থ স্থান তেওঁ দখল কৰিছে৷ ড০ গগৈ নেতৃত্বাধীন দলটোৱে কৰা গৱেষণাৰ সাফল্যৰ বাবে ব’টানিকেল ছার্ভে অৱ ইণ্ডিয়াই বিশ্বৰ ভিতৰতে পঞ্চম স্থানৰূপেও চিহ্ণিত হছে৷ এই সাফল্যত বিশিষ্ট বিজ্ঞানীগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে সম্প্রতি ব’টানিকেল ছার্ভে অৱ ইণ্ডিয়াৰ ছিকিম হিমালয় আঞ্চলিক কেন্দ্রৰ মুৰব্বীৰ পদত তেওঁ অধিষ্ঠিত হৈ আছে৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ চহকী জৈৱ–বৈচিত্র্যক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি তেওঁ উদ্ভিদ সম্পর্কীয় গৱেষণা আগবঢ়াই নিছে৷ ইতিমধ্যে বহুসংখ্যক উল্লেখনীয় গৱেষণাক তেওঁ নেতৃত্ব দিছে৷ তেওঁৰ কর্মৰাজিয়ে উত্তৰ–পূর্বাঞ্চলৰ উদ্ভিদৰ বৈচিত্র্যৰ বুজ লোৱাত বিশেষভাৱে সহায় কৰি আহিছে৷ তেওঁৰ গৱেষণাৰ ভিত্তিতে অঞ্চলটোত কেইবাটাও নতুন প্রজাতি চিনাক্ত কৰা হৈছে৷ গৱেষণাৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁক কেইবাটাও আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্রীয় সন্মানেৰে সন্মানিত কৰা হৈছে৷