নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ বছৰীয়া কিশোৰীৰ অবৈধ গৰ্ভপাত : চিকিৎসালয়তে মৃত্যু, উত্তপ্ত পৰিস্থিতি

বিশেষ বাৰ্তা, ২ ডিচেম্বৰঃ নগাঁও চহৰৰ এখন নাৰ্ছিং হোমত এগৰাকী গৰ্ভৱতী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, মৰিগাঁও জিলাৰ  জালুগুটিৰ সৰুচোকাবাহাৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ নাৰ্ছিং হোমখনত মৃত্যু হয়। ইয়াক কেন্দ্ৰ কৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এক সুত্ৰই জনোৱা মতে জালুগুটিৰ সৰুচোকাবাহা গাঁৱৰ কিশোৰীগৰাকীৰ লগত একে অঞ্চলৰ হিবজুৰ ৰহমান নামৰ এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। যাৰ বাবে তেওঁলোকৰ মাজত অবৈধ শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিছিল।ইয়াৰ পৰিণতিত কিশোৰীগৰাকী অন্তসত্বা হয়। ইপিনে, নগাঁও চহৰৰ মেট্ৰ’ নাছিংহোমত নাৰ্ছ হিচাপে কৰ্তব্যৰত হিবজুৰৰ যুৱতী বায়েকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, কিশোৰী গৰাকীৰ মাকে কিশোৰীগৰাকীক গৰ্ভপাত কৰিবলৈ তেওঁক হেঁচা প্ৰয়োগ কৰে। আনকি গৰ্ভাপাত কৰিবৰ বাবে ১৫ হাজাৰ টকা কিশোৰীগৰাকীৰ মাতৃয়ে ধাৰ কৰিছিল বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কেবাখনো নাৰ্ছিং হোমত কিশোৰীগৰাকীৰ গৰ্ভাপাত কৰাবলৈ চেষ্টা কৰিছিল যদিও কোনো এখন নাৰ্ছিং কোনো এখন নাৰ্ছিং হোমে ৰিস্ক নললে। উপায়ন্তৰ হৈ নাৰ্ছগৰাকীয়ে প্ৰসুতি বিশেষজ্ঞ ডা: গোলাপ চন্দ্ৰ দত্তৰ কাষ চাপে। চিকিৎসকগৰাকীৰ নগাঁও চহৰৰ শিৱনগৰস্থিত প্ৰগতি মেটাৰনিটি ক্লিনিকত কিশোৰীগৰাকীৰ ৩০ নৱেম্বৰত গৰ্ভাপাত কৰায়। ইয়াৰ বিনিময়ত কিশোৰীগৰাকীৰ মাকে দিয়া ১৫ হাজাৰ টকা চিকিৎসকগৰাকীক আদায় দিয়ে। গৰ্ভপাত কৰাৰ পিছত কিশোৰীগৰাকীৰ অতিপাত ৰক্তক্ষৰণ হয় আৰু অৱস্থা অতি সংকটজনক হয়। লগে লগে চিকিৎসকগৰাকীৰ সহযোগত কিশোৰীগৰাকীক চহৰখনৰ গোহাঁই নাৰ্ছিং হোমত ভৰ্তি কৰায় চিকিৎসাৰ ব্যৱস্থা কৰে। কিন্তু কিশোৰীগৰাকীৰ অত্যধিক ৰক্ত কমি যোৱাৰ লগতে অক্সিজেনো কমি আহিছিল। অৱশেষত মৃত্যুৰ সৈতে যুজঁ দি কিশোৰীগৰাকীয়ে কালি নিশা মৃত্যুক আকোৱালি লয়। এই ঘটনাই নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সচেতন মহলে এনে অপৰাধজনিত ঘটনাৰ লগত জড়িতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। ইপিনে যুৱতীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে কিশোৰী গৰাকী মৃত্যুৰ বাবে চিকিৎসক গৰাকীৰ গাফিলতি মুল কাৰণ। লগতে তেওৰোকিছু দোষ আছে।শেহতীয়া খবৰ অনুসৰি এই জঘন্য ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষীয়ে তছলিমা বেগম নামৰ এগৰাকী যুৱতীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। অৱশ্যে এই পৰ্যন্ত কিশোৰীগৰাকীৰ অবৈধ গৰ্ভপাত কৰোৱা চিকিৎসকজনৰ বিৰুদ্ধে কোনো ধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। উল্লেখ্য যে নগাঁৱত একাংশ ক্লিনিক আৰু নাৰ্ছিং হোমত অবৈধ গৰ্ভাপাত কৰাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে যদিও এইক্ষেত্ৰত স্বাস্থ্য  বিভাগে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰে।
প্ৰেৰক কনক হাজৰিকা
You might also like