বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ বহু প্ৰত্যাশিত কেন্দ্ৰীয় চৰকাৰ আৰু নিষিদ্ধঘোষিত অসমৰ বিদ্ৰোহী সংগঠন আলফা (স্বাধীন) ৰ মাজত শান্তি আলোচনা প্রক্রিয়াই দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সমাধান সূত্ৰ নোলোৱাৰ সময়তে বিদ্ৰোহী সংগঠনটোৱে উজনি অসমত নিজৰ শক্তি বৃদ্ধি কৰিবৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰখা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। সুত্ৰটোৱে দাবী কৰা অনুসৰি উজনি অসমৰ বিশেষকৈ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আৰক্ষী প্রশাসন আৰু সেনাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই বিদ্ৰোহী সংগঠনটোৱে সদস্যভর্তি অভিযানৰ লগতে একাংশ বচা বচা ব্যৱসায়ী, ক্ষুদ্র চাহ খেতিয়ক, ৰাজনীতিক আৰু চাকৰিয়ালক ধন দাবী কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আলফা (স্বাধীন)ৰ দুৰ্বল সাংগঠনিক ভেটি তথা আর্থিকভাৱে নিশকতীয়া হোৱা বুলি চৰকাৰ তথা আৰক্ষী প্ৰসাসনে বিভিন্ন সময়ত দাবী কৰি অহাৰ সময়তে বিগত স্বাধীনতা দিৱসত সমগ্ৰ ৰাজ্যতে গ্রেণেড-সংস্থাপন আৰু কেইবাটাও অপহৰণ কাণ্ডৰ পৰিকল্পনা প্রস্তুত কৰিছিল। শেহতীয়াকৈ, আলফাৰ (স্বাধীন) সদস্যৰ এটা দলে ম্যানমাৰৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত প্রৱেশ কৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন উৎসৰ পৰা ধন দাবী কৰা বুলি জানিব পৰা গৈছে। নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাত বাহৰ পাতি আলফা (স্বাধীন)ৰ দলটোৱে উজনি অসমত সদস্যভর্তি, ধনদাবী, অপহৰণকে আদি কৰি বিভিন্ন কার্যকলাপ সংঘটিত কৰি আহিছে। কিছুদিন পূর্বে নিষিদ্ধঘোষিত সংগঠনটোৱে শিৱসাগৰৰ পৰা অ’ এন জি চিৰ এজন কৰ্মচাৰীক অপহৰণ কৰি বুজন পৰিমাণৰ মুক্তিপণ দাবী কৰাৰ পৰিকল্পনা কৰিছিল যদিও মূৰকত সেয়া বাস্তবায়িত নহ’ল। কিন্তু শেহতীয়াকৈ পুনৰ আলফাই উজনি অসমৰ অইল, অ’ এন জি চি, বিভিন্ন চৰকাৰী-বেচৰকাৰী কোম্পানীত কৰ্মৰত বহিৰাগত একাংশ বচা বচা বিষয়া-কর্মচাৰীক অপহৰণৰ লগতে ব্যাপক ধন দাবীৰ বাবে ব্লুপ্রিন্ট ৰচনা কৰিছে। ইয়াৰ বাবে সংগঠনটোৱে গ্রহণ কৰিছে অতি কৌশলীস্থিতি। সংগঠনটোৱে নিজৰ সদস্যৰ পৰিৱৰ্তে একাংশ সাধাৰণ যুৱকক নিয়োগ কৰি এনে কাৰ্য সংঘটিত কৰিবৰ বাবে বিশেষ পৰিকল্পনা প্রস্তুত কৰিছে। অসমৰ ভূমিত প্রৱেশ নকৰাকৈয়ে ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ গভীৰ অৰণ্যৰ পৰাই সংগঠনটোৱে উজনি অসমত ধন দাবী তথা অপহৰণৰ দৰে পৰিকল্পনা প্রস্তুত কৰিছে। তাৰ বাবে সমগ্র অসমত সংগঠনটোৱে সাজু কৰি তুলিছে প্রায় ৫০জনীয়া এটা বিশেষ দল। সেনা- আৰক্ষীয়ে সন্দেহ কৰিব নোৱৰাকৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত একাংশ যুৱকক নির্বাচন কৰি সংগঠনটোৱে নিজৰ সাংগঠনিক কামত ব্যৱহাৰ কৰিছে। শিক্ষক, ব্যবসায়ী, সমাজকর্মী আদি সমাজৰ ভিন্ন ক্ষেত্রত জড়িত লোকক সংগঠনটোৱে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ, চৰাইদেউ জিলাত লিংকমেন হিচাপে ধন দাবীকে ধৰি আলফাৰ সাংগঠনিক কাম-কাজত জড়িত ৮জনকৈ যুৱকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ ঘটনাই সংগঠনটোৰ বহু অজানা দিশ পোহৰলৈ আহিছে। উল্লেখ্য, আলফা(স্বাধীন)ৰ সৈতে সংযোগ ৰক্ষা কৰি অহাৰ অভিযোগত আৰক্ষীয়ে ১৩ নৱেম্বৰত চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ অন্তৰ্গত বেলেংবাৰীৰ ৰাজু দে আৰু টেঙাপুখুৰী মহন গাঁৱৰ হেমন্ত মহন, ১৫ নৱেম্বৰত বৰহাট থানাৰ অন্তৰ্গত চকলীয়াৰ কবুল ৰঞ্জন কলিতা ওৰফে ৰঞ্জন অসম, ২৭ নৱেম্বৰত চৰাইদেউ জিলাৰ সাপেখাতীৰ জিতু গগৈ, মিঠু বৰুৱা আৰু নুৰ থাপাক আৰক্ষীয়ে আটক কৰিছিল। আটকাধীন আটাইকেইজনে আলফা(স্বাধীন)ৰ যোগসূত্রকাৰী হিচাপে কাম-কাজ কৰি অহা বুলি আৰক্ষীয়ে দাবী কৰিছিল। আলফা (স্বাধীন)ৰ যোগসূত্ৰকাৰীকেইজনৰ পৰা নিষিদ্ধঘোষিত সংগঠনটোৰ বহু ভিতৰুৱা তথ্য আৰক্ষীয়ে লাভ কৰিছিল। বিশেষকৈ উজনি অসমৰ বিভিন্ন প্রান্তত ব্যাপক পৰিমাণৰ ধন দাবীৰ পৰিকল্পনা কৰি সংগঠনটোৱে উজনি অসমৰ ঠায়ে ঠায়ে একাংশ যুৱকক নিয়োগ কৰাৰ ভয়ংকৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। এনে তথ্যৰ ভিত্তিতে আৰক্ষীয়ে কেৱল চৰাইদেউ জিলাতে এটা মাহত ৬জনকৈ আলফাৰ লিংকমেন আটক কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য, আলফাৰ (স্বাধীন)ৰ দুধর্ষ নেতা অকণ গগৈ ওৰফে প্রদীপ অসমৰ নেতৃত্বত সম্প্রতি উজনি অসমত বিশেষকৈ চৰাইদেউ জিলাত আলফা(স্বাধীন) য়ে ধন দাবীকে ধৰি সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছে। প্রাসংগিকভাবে উল্লেখ্য, উজনি অসমৰ চৰাইদেউ আৰু তিনিচুকীয়া জিলা আলফাৰ গ্ৰীণ কৰিডৰ হিচাপে চিহ্নিত হৈ আহিছে। ম্যানমাৰৰ পৰা নাগালেণ্ডৰ মন জিলা হৈ নিষিদ্ধঘোষিত সংগঠন আলফা(স্বাধীন)ৰ সদস্যসকলে পোনতে চৰাইদদেউ জিলাৰ অসম-নাগালেও সীমান্তৱর্তী নামতোলায়েদি অসমৰ ভূমিত প্ৰৱেশ কৰে। ঠিক সেইদৰে জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ চৰাইপুং অঞ্চল অসমত প্ৰৱেশ কৰিবৰ আলফা(স্বাধীন)ৰ বাবে অতি সুগম। এনে পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ ব্যৱসায়ী, ক্ষুদ্র চাহ খেতিয়ক, চৰকাৰী চাকৰিয়াল আদি সংগঠনটোৰ দাবীৰ সহজ উৎস হৈ পৰে। বিগত বৰ্ষত চৰাইদেউ জিলাত নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)য়ে ধন বিচাৰি জিলাখনৰ কুৰিখনৰো অধিক চাহ বাগিচাৰ মালিকপক্ষলৈ ধন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল। জিলাখনৰ টিমন চাহ বাগিচা, স্মৃতি চাহ বাগিচা, এগৰাকী বিজেপি নেত্ৰীৰ পৰিয়ালৰ চাহ বাগিচাৰ লগতে আন কেইবাখনো চাহ বাগিচাৰ মালিকপক্ষলৈ ৬০ লাখৰ পৰা ১ কোটি পর্যন্ত ধন দাবী-পত্র প্ৰেৰণ কৰিছিল। আলফা(স্বাধীন)ৰ ধন দাবীত আতংকিত হৈ বিমলাপুৰ চাহ বাগিচা আৰু টিমন চাহ বাগিচাৰ পৰিচালকজন পলায়ন কৰিবলৈও বাধ্য হৈছিল। আনহাতে, শেহতীয়াকৈ পুনৰ সংগঠনটোৱে উজনি অসমৰ চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ আদি জিলাত লিংকমেনৰ জৰিয়তে একাংশ ব্যৱসায়ী, চৰকাৰী চাকৰিয়ালক ধন দাবী-পত্ৰ প্ৰেৰণ কৰাত শংকিত হৈ পৰিছে। ধন দাবী-পত্র লাভ কৰা একাংশই আৰক্ষীৰ কাষ চাপিছে যদিও বহুসংখ্যকে প্ৰাণৰ মমতাত আৰক্ষীৰে যোগাযোগ কৰা নাই। কেৱল চৰাইদেউ জিলাতে এটা মাহতে ৬জনকৈ আলফা(স্বাধীন)ৰ যোগসূত্ৰকাৰী আৰক্ষীয়ে আটক কৰাৰ পাছত সমগ্র উজনি অসমতে আৰক্ষীয়ে এইক্ষেত্ৰত প্রয়োজনীয় ব্যবস্থা গ্রহণ নকৰিলে বহুলোকৰ জীৱনলৈ সংশয় নামি আহিব পাৰে। শেহতীয়াকৈ, কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ২৭ নৱেম্বৰৰ পৰা পুনৰ পাঁচ বছৰৰ বাবে আলফা (স্বা) ক নিষিদ্ধ ঘোষণা কৰাৰ পাছত অসম চৰকাৰে আলফা(স্বাধীন)ৰ বিৰুদ্ধে কেনে স্থিতি গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব।
প্ৰেৰক দীপাংকৰ পাল