১০ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলা
বিশেষ বাৰ্তা, ৩ নৱেম্বৰঃ ১০ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ সদৌ তিনিচুকীয়া চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৈঠকী-সামাজিক-সাংস্কৃতিক সন্থাৰ লগতে তিনিচুকীয়াৰ বৌদ্ধিক সমাজৰ সহযোগত তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলাৰ আয়োজন কৰিছে। গ্ৰন্থমেলাৰ আয়োজক সমিতিয়ে ৰাজ্যিক ভিত্তিত দিহা নাম, আন্তঃমহাবিদ্যালয় কুইজ আৰু তৰ্ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি গ্ৰন্থমেলাৰ কেউটা দিনত কবি সমাৰোহ, আলোচনা সত্ৰ, বিদ্যালয়সমূহৰ প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠান, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। সেইউপলক্ষে আজি তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰত অৱস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ সন্মুখভাগত গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰে। লাইখুঁটা স্থাপন কাৰ্যসূচীত ভাগ লয় শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনমুন দেৱগোস্বামীয়ে আৰু লগতে উপস্থিত থাকে তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি নয়নজ্যোতি বৰশইকীয়া, সাধাৰণ সম্পাদক গংগাধৰ শইকীয়া, উপদেষ্টা ৰহিম শইকীয়া, চুতীয়া জাতি সন্মিলনৰ তিনিচুকীয়াৰ সভাপতি প্ৰাঞ্জল শইকীয়া, আদৰণি সমিতিৰ যুটীয়া সম্পাদক ৰবী চেত্ৰীৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ আৰু বহু গন্যমান্য ব্যক্তি৷
প্ৰেৰক বিবেক বড়া