নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত গুৰু-শিষ্যৰ পৱিত্ৰতাত কালিমা লম্পট শিক্ষকৰ

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : গুৰু-শিষ্যৰ পবিত্ৰতাত পুনৰ কালিমা লগালে নলবাৰীৰ এগৰাকী লম্পট শিক্ষকে। শিক্ষক সমাজক লজ্জাজনত কৰা এনে গৰ্হিত ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বিজুলীঘাট কৰিয়াত। এগৰাকী ছাত্ৰীক শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা এটি পোহৰলৈ আহিছে। এনে লজ্জিত ঘটনাটি পোহৰলৈ অহাৰ পিছতেই আজি নলবাৰীৰ বিজুলীঘাট কৰিয়াত মহিলা সমাজে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।জিলাখনৰ পূৱ নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ‘বিজুলীঘাট মজলীয়া বিদ্যালয়’ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ মতে, বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল কলিতাই বিদ্যালয়খনত অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলায়। যোৱা ১৪ নৱেম্বত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি সেইদিনাই বিদ্যালয়ৰ সহ শিক্ষকসকলক ছাত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে।পিছত সহ শিক্ষক সকলে ঘটনাটো গাপ দিবলৈহে উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে। একেদৰে ছাত্ৰীগৰাকীক প্ৰধান শিক্ষকগৰাকীয়ে বিভিন্ন ভয় ভাবুকি দিয়াৰ অভিযোগ উঠে। অভিযোগ মতে, প্ৰধান শিক্ষক কমল কলিতাই বিদ্যালয় ছুটীৰ পিছত সকলো ওলাই যোৱাৰ পিছত ছাত্ৰীগৰাকীক চাউল দিয়াৰ অচিলা লৈ আৰু ছাত্ৰীগৰাকীক অকলশৰীয়াকৈ বিদ্যালয়ত যৌন নিৰ্যাতন চলোৱাৰো উঠিছে অভিযোগ।এই লৈ বিদ্যালয়ত এখন সভাও অনুষ্ঠিত হৈছিল আৰু এই সভাত প্ৰধান শিক্ষক কমল কলিতাই ভুল হোৱা বুলি স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত কিছু পলমকৈ হ’লেও পিতৃ-মাতৃৰ লগতে চুবুৰীৰ মহিলাসকলে কথাটো জানিব পাৰি আজি বিদ্যালয়ত উপস্থিত হৈ উক্ত নিৰ্লজ ঘটনাৰ উচিত শাস্তি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। এনে প্ৰতিবাদত আজি বিদ্যালয়খনত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like