নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি গুৱাহাটীত ৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উজলিল ৰঙিয়াৰ ইউক্লিড স্কুল

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ : আই আই টি, গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়া ইন্টাৰনেছনেল চায়েঞ্চ ফেষ্টিভেলত উজলি উঠিল ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডেৰী স্কুল। উল্লেখ্য যে অত্যাধুনিক বিজ্ঞান প্ৰযুক্তি বিদ্যা, পৰমাণু বিজ্ঞান, পদাৰ্থবিজ্ঞানক লৈ গুৱাহাটীৰ আই আই টিৰ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান মহোৎসৱ। ভাৰতবৰ্ষৰ বিভিন্ন IIT,NIT,IISER তথা BARC,IISC,CSIR-NEIST/NIIST, PRL, DSIR, AcSIR, IUAC, IASC, ISRO, DU, BHU, VECC, CPP-IPR  ইত্যাদি প্ৰতিষ্ঠানৰ ভালেমান বৈজ্ঞানিক তথা প্ৰফেছৰে উক্ত বিজ্ঞান মহোৎসৱত যোগদান কৰে। ইয়াৰ উপৰি আমেৰিকা, ছুইডেন, বৃতেইনকে ধৰি বিভিন্ন  বিদেশী ৰাষ্ট্ৰৰ বিশিষ্ট বিজ্ঞানীসকলেও উক্ত মহোৎসৱত যোগদান কৰি ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে। উক্ত মহোৎসৱ লৈ আমন্ত্ৰিত হৈছিল ৰঙিয়াৰ উচ্চমানৰ শৈক্ষিক প্ৰতিষ্ঠান ইউক্লিড চিনিয়ৰ চেকেণ্ডেৰী স্কুল। শৈক্ষিক প্ৰতিষ্ঠানটোৰ ২৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মহোৎসৱত যোগদান কৰে। প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক তথা ৰসায়ন বিজ্ঞানৰ প্ৰবক্তা ৰেকিব আহমেদ, পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা প্ৰনৱ চৌধুৰীয়েও মহোৎসৱত যোগদান কৰে। শৈক্ষিক প্ৰতিষ্ঠানটোৰ চেয়াৰমেন পঙ্কজ পল্লব শৰ্মাই বাতৰি কাকতলৈ প্ৰেৰণ কৰা বিবৃতি  অনুসৰি এই মহোৎসৱত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত নিউক্লীয়াৰ চাইঞ্চ এণ্ড টেকনোলোজী ফৰ চেল্ফ ৰিলিয়েন্ট ইণ্ডিয়া বিষয়ক কুইজ প্ৰতিযোগিতাত সমগ্ৰ দেশৰ ভিতৰতে ইউক্লিড চিনিয়ৰ চেকেণ্ডেৰী স্কুলে ২য় পুৰস্কাৰ লাভ কৰি বৃহত্তৰ ৰঙিয়া মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ এনে সফলতাত ৰঙিয়াবাসীয়ে উৎফুল্লিত হৈ পৰিছে।
প্ৰেৰক অনুভৱ কুমাৰ
You might also like