ঢকুৱাখনাত নিউ ভিজন আই ক্লিনিকৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : ঢকুৱাখনা নগৰৰ মাজমজিয়াত অৱস্থিত নিউ ভিজন আই ক্লিনিকৰ উদ্যোগত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ নিউ ভিজন আই ক্লিনিকৰ স্বতাধিকাৰী বিশিষ্ট বিশেষজ্ঞ চকু চিকিৎসক ডাঃ কৌশিক গগৈৰ বিশেষ তৎপৰতাত ঢকুৱাখনাৰ পিছপৰা অঞ্চলসমূহৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ চকু পৰীক্ষা আৰু চিকিৎসা সেৱা প্ৰদানৰ লক্ষ্যৰে আয়োজিত কৰা হয় এই বিনামূলীয়া চকু চিকিৎসা শিবিৰ। নিউ আই ভিজনৰ উদ্যোগত বুধবাৰে আমলখি দাংধৰা গাঁৱৰ সৰ্বোদয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এই বিনামূলীয়া চকু চিকিৎসা আৰু পৰীক্ষা শিবিৰ। প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা ডিব্ৰুগড়ৰ বিশিষ্ট বিশেষজ্ঞ চকু চিকিৎসক ডাঃ কৌশিক গগৈয়ে বিদ্যালয়খনৰ ২৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ চকু পৰীক্ষা কৰে আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা বিনামূলীয়া ভাবে প্ৰদান কৰে। বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীৰ সহযোগিতাত অনুষ্ঠিত শিবিৰত ছাত্ৰ -ছাত্ৰীসকলৰ লগতে গৰিষ্ঠ সংখ্যক অভিভাৱককো চকু পৰীক্ষা কৰি বিনামূলীয়াকৈ প্ৰয়োজনীয় চশমা প্ৰদান কৰা হয়। আই ক্লিনিকৰ স্বত্বাধিকাৰী ডাঃ গগৈয়ে জনোৱা মতে চলিত মাহত ঢকুৱাখনাৰ আৰু ১৯খন বিদ্যালয়ত এনে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু সেৱা প্ৰদানকাৰী অনুষ্ঠিত কৰিব। যত শিক্ষক, শিক্ষাৰ্থী ,অভিভাৱক আৰু পৰিচালনা সমিতিৰ সকলো ব্যক্তিক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হব। কেৱল ধন উপাৰ্জনতে সীমাবদ্ধ নাথাকি ৰোগাক্ৰান্তক বিনামূলীয়া উন্নত চিকিৎসা সেৱা প্ৰদানেৰে উৎকৃষ্ট মানৱ সেৱা আগবঢ়োৱা আই ক্লিনিকৰ এনে জনহিতৈষী পদক্ষেপক ঢকুৱাখনাবাসীয়ে কৃতজ্ঞতা যাচিছে।
প্ৰেৰক পুলকজ্যোতি বৰা