নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভা : সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদকৰ ভোটগ্ৰহণ সম্পন্ন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ডিচেম্বৰঃ বহু বিতর্ক–চর্চাৰ মাজতে অন্ত পৰিল অসম সাহিত্য সভাৰ পৰৱর্তী সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদক পদৰ বাবে অনুষ্ঠিত ভোটগ্রহণ প্রক্রিয়া৷ মুখ্য নির্বাচনী বিষয়া তথা অৱসৰপ্রাপ্ত ন্যায়াধীশ প্রশান্ত কুমাৰ ডেকা, দুই নির্বাচনী বিষয়া চিন্ময় চৌধুৰী আৰু হিৰণ্যময়ী বৰাৰ লগতে প্রার্থী আৰু সমর্থকসকলৰ উপস্থিতিত মেঘদূত ভৱনত স্থাপন কৰা বেলট বাকচসমূহ ছীল কৰা হয়৷ সভাৰ সভ্যসকলে ভোটদান কৰি প্রেৰণ কৰা বেলট পেপাৰসমূহ এই বেলট বাকচত জমা কৰা হৈছিল৷ ছীল কৰাৰ পাছতে বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তা বেষ্টনীত ষ্ট্রং ৰুমলৈ স্থানান্তৰিত কৰা হয়৷ অহা ২৯ ডিচেম্বৰত দদৰাত অনুষ্ঠিত হ’বলগীয়া সভাৰ কার্যনির্বাহকৰ সময়তে তিনিওটা পদৰ বাবে অনুষ্ঠিত নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়া সম্পন্ন কৰা হ’ব৷ বেলট বাকচ ছীল কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত প্রতিক্রিয়া প্রকাশ কৰি মুখ্য নির্বাচনী বিষয়া প্রশান্ত কুমাৰ ডেকাই কয়– ‘বেলট বাকচসমূহ আমি ছীল কৰিলোঁ৷ এতিয়া এই বেলট বাকচসমূহ ষ্ট্রং ৰুমত ৰখা হ’ব৷ দদৰাত অহা ২৯ ডিচেম্বৰত ভোটগণনা কৰা হ’ব৷ দুই–এটা অভিযোগ আমি লাভ কৰিছিলোঁ৷ সেই অভিযোগবোৰ এতিয়াও চাবলগীয়া হোৱা নাই৷ কাৰণ নির্বাচনী প্রক্রিয়া অব্যাহত আছে৷ নির্বাচনী প্রক্রিয়াৰ মাজত অভিযোগ আমি চাব নোৱাৰোঁ৷ সম্পূর্ণ প্রক্রিয়াৰ পাছত কোনোবাই যদি বিজয়ী প্রার্থীৰ বিৰুদ্ধে প্রত্যাহ্বান জনায় আৰু সেই অভিযোগ আইনসন্মত হয়, তেতিয়াহ’লে আমি পৰীক্ষা কৰিম৷’ উল্লেখ্য যে সভাপতি পদত দুজন, উপ–সভাপতি পদত তিনিজন আৰু প্রধান সম্পাদক পদত তিনিজন প্রার্থীয়ে এইবাৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামে সভাপতি পদত প্রতিদ্বন্দ্বিতা কৰিছে৷ সভাপতি পদৰ প্রার্থীক লৈ সাহিত্য সভাৰ ভিতৰে–বাহিৰে ব্যাপক বিতর্কৰ সূচনা হৈছিল৷ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রথমখন বৈঠকত নাহেন্দ্র পাদুন, ডাঃ গিৰীশ সন্দিকৈ, লীলাৱতী শইকীয়া, ড০ হিতেশ ডেকা আৰু অৰূপা পটংগীয়া কলিতাক লৈ সভাপতিৰ পেনেল প্রস্তুত কৰে৷ বর্তমানৰ উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈ আৰু সমিতিখনৰ সদস্য নাহেন্দ্র পাদুন এই পেনেলত অন্তর্ভুক্ত হোৱাক লৈ সাহিত্য সভাৰ সভ্যসকলৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ ইয়াক লৈ ৰাজ্যজুৰি চর্চা হোৱাত উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দ্বিতীয়খন বৈঠকত ড০ বসন্ত কুমাৰ গোস্বামী, উপেন ৰাভা হাকাচাম, ড০ গোবিন্দ প্রসাদ শর্মা, ভীমকান্ত বৰুৱা আৰু অনুৰাধা শর্মা পূজাৰীক লৈ দ্বিতীয়খন সভাপতিৰ পেনেল প্রস্তুত কৰে৷ অৱশ্যে ড০ গোবিন্দ প্রসাদ শর্মা, ভীমকান্ত বৰুৱা আৰু অনুৰাধা শর্মা পূজাৰীয়ে পেনেলৰ পৰা নাম প্রত্যাহাৰ কৰে৷ যাৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ মাজত সভাপতি পদৰ নির্বাচন অনুষ্ঠিত হৈছে৷ ইপিনে উপ–সভাপতি পদত পদুম ৰাজখোৱা, শ্বহীৰ ভূঞা আৰু বিপিন কলিতাই প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সেইদৰে প্রধান সম্পাদক পদত প্রতিদ্বন্দ্বিতা কৰা প্রার্থী তিনিজন হৈছে অজিত প্রসাদ শর্মা, দেৱজিৎ বৰা আৰু সঞ্জীৱ কুমাৰ শর্মা৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ২১ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈক ভোটদান প্রক্রিয়া অনুষ্ঠিত হয়৷ সভাৰ নির্বাচনত ভোটদান কৰা সভ্যৰ সংখ্যা হৈছে ৮৪৯জন৷

You might also like