নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ সমীপৰ বনবাহাৰ গাঁৱৰ বিশিষ্ট ব্যৱসায়ী বাক্কাৰ আলীয়ে আজি পুৱা ৯.৪৫ বজাত নিজ বাসভৱনত মৃত্যুবৰণ কৰে। প্ৰায় ৬ মাহ ধৰি কেঞ্চাৰ বেমাৰত ভুগি থকা আলীৰ মৃত্যুত কয়াকুছি অঞ্চলত শোকৰ ছাঁ পৰে। এসময়ত কয়াকুছি কাৰবাড়ী সংঘৰ সম্পাদক, বনবাহাৰ মৰলৰটাৰী সমাজ উন্নয়নৰ সম্পাদক আৰু বনবাহাৰ নিউ ষ্টাৰ ক্লাবৰ সম্পাদক পদ অলংকৃত কৰিছিল আলীয়ে। বাক্কাৰ আলীৰ মৃত্যুত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, কয়াকুছি প্ৰেছ ক্লাব, কয়াকুছি কাৰবাৰড়ী সংঘ, প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস, বনবাহাৰ মৰলৰটাৰী সমাজ উন্নয়ন কমিটী, বনবাহাৰ-মৰলৰটাৰী কবৰস্থান কমিটী আৰু বনবাহাৰ-মৰলৰটাৰী মছজিদ কমিটীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত বাক্কাৰ আলীৰ জানাজাৰ নামাজ আবেলি ৩.৪৫ বজাত বনবাহাৰ ঈদগাহ ময়দানত সম্পন্ন কৰা হ’ব।
প্ৰেৰক আফতাব হুছেইন