নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ বৰপেটাত ৰাইজৰ ৰোষত বিধায়ক নুৰুল হুদা

🔹 শহুৰেকৰ ঘৰলৈ যোৱা পথটোকেই নিৰ্মাণ কৰিব নোৱাৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা,  ৮ ডিচেম্বৰ : ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদা ৰাইজৰ ৰোষত পৰে।নিজৰ দুটাকৈ বিধায়ক কাৰ্যকালত নুৰুল হুদাই শহুৰেকৰ ঘৰলৈ যোৱা পথটোকেই নিৰ্মাণ কৰিব নোৱাৰাৰ অভিযোগ বৰপেটা গাঁৱৰ স্থানীয় ৰাইজৰ ৷ ৰূপহীহাটৰ বৰপেটা গাঁৱৰ ৰাইজে বিধায়ক নুৰুল হুদাক আশী শতাংশ ভোট প্ৰদান কৰিছিল যদিও বিধায়ক হোৱাৰ পাছত আৰু তেওঁক এই অঞ্চলত কোনো দিনে দেখা নোপোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ। গাঁওখনৰ একমাত্ৰ পথটোৰ দুৰৱস্থাৰ বাবেই প্ৰতিদিনে পথচাৰীসকলে যমৰ যাতনা ভোগ কৰি আহিছে । দ্বিতীয় কাৰ্যকালৰ শেষ পৰ্যায়ত গাঁওখনত বিধায়কগৰাকীক দেখা পোৱা মাত্ৰকে ৰাইজ ক্ষোভত ফাটি পৰে আৰু নানা প্ৰশ্নবাণেৰে বিধায়কগৰাকীক জবাহদিহি কৰে। এসময়ত কংগ্ৰেছৰ দুৰ্গস্বৰূপ ৰূপহীহাটৰ বৰপেটা গাঁৱতেই আজি ৰাইজে উভতি ধৰিলে বিধায়ক নুৰুল হুদাক। উল্লেখ্য যে কিছুদিন পূৰ্বে চামগুৰি সমষ্টিত উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক সংখ্যালঘু ভোটাৰে বিপুল ভোটত জয়ী কৰোৱাত ৰূপহীহাটতো কংগ্ৰেছৰ ভেটিত থৰক-বৰক হোৱা দেখিবলৈ পোৱা গৈছে ৷ ৰূপহীহাটত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে যে সহজ নহ’ব, তাৰ ইংগিত পোৱা গৈছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like