নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত তীব্ৰবেগী ডাম্পাৰৰ অতপালি

🔹 প্ৰচণ্ড খুন্দাত থিতাতে নিহত পাঁচ বছৰীয়া সন্তানৰ পিতৃ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত অজন্তা বাইপাছৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি এখন তীব্ৰবেগী বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, বালিগাঁও ৰাজতীয়া গাঁৱৰ লোহিত দত্তই নিজৰক AS-O3S-7549 নম্বৰৰ স্কুটীখনেৰে পশ্চিম দিশৰ পৰা ঘৰ অভিমুখে গৈ থকা অৱস্থাত পূব দিশ অৰ্থাৎ নিমাতী অঞ্চলৰ পৰা পশ্চিম দিশে বালি লৈ গৈ থকা AS-O3CC-3805 নম্বৰৰ ডাম্পাৰখনে  স্কুটীখনত প্ৰচণ্ড খুন্দা মৰাত স্কুটীখনৰ চালক লোহিত দত্ত (৪৫)ৰ থিতাতে মৃত্যু হয়। বাইপাছত এন আই ডি এছ এলে যান-বাহন আৰোহীৰ বাবে কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা নকৰি উৰণ সেতুৰ কাম কৰি থকাৰ বাবেই আজি এজন লোকে প্ৰাণ দিব লগা হ’ল বুলি একাংশ লোকে অভিযোগ কৰিছে। অজন্তা বাইপাছত যান-বাহন নিয়ন্ত্ৰণৰ বাবে যিদৰে যান-বাহন আৰক্ষী মোতায়েন কৰিব লাগিছিল, তেনেদৰে কোনো সুৰক্ষা ব্যৱস্থা নোহোৱাৰ বাবেই বিগত দুটা পষেকত কেইবাটাও ঘটনা উক্ত ঠাইত ঘটিছে বুলিও উল্লেখ কৰিছে। আজি লোহিত দত্তৰ মৃত্যুত সমগ্ৰ বলিগাঁও ৰজতীয়া অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। পত্নীসহ এটা পাঁচ বছৰীয়া সন্তানৰ পিতৃ লোহিত দত্ত অঞ্চলটোৰ এজন অমায়িক যুৱক আছিল বুলি উল্লেখ কৰে স্থানীয় ৰাইজে।
প্ৰেৰক সঞ্জীৱ হাজৰিকা
You might also like