প্রথম অসমীয়া ৰূপে গৌৰৱ অর্জন দেৱজিৎ শইকীয়াৰ, ACA-GSAৰ অভিনন্দন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ডিচেম্বৰঃ বছৰৰ শেষত ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ভাৰপ্রাপ্ত সম্পাদকৰ দায়িত্বত অসম সন্তান৷ দেৱজিৎ শহকীয়াক বিচিচিআইৰ ভাৰপ্রাপ্ত সম্পাদক হিচাপে নিযুক্তি দিলে ব’ৰ্ডৰ অধ্যক্ষ ৰ’জাৰ বিন্নীয়ে৷ এতিয়াৰে পৰা জয় শ্বাহৰ স্থানত দেৱজিৎ শহকীয়াহ চম্ভালিব বিচিচিআইৰ দায়িত্ব৷ ভাৰতীয় ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ শীর্ষ পদবীত অধিষ্ঠিত হৈ প্রথমগৰাকী অসমীয়া হিচাপে গৌৰৱ অর্জন কৰে দেৱজিৎ শহকীয়াই৷ বর্তমানলৈকে ব’ৰ্ডৰ যুটীয়া সম্পাদকৰূপে কার্যনির্বাহ কৰি আছিল শহকীয়াই৷ এদিন পূর্বে বিচিচিআইৰ ব’ৰ্ড ডাহৰেক্টৰ ৰূপে দায়িত্ব গ্রহণ কৰিছে শহকীয়াই৷ অহা বর্ষৰ ছেপ্টেম্বৰলৈকে ব’ৰ্ডৰ সম্পাদক পদত থাকিব শইকীয়া৷ ছেপ্টেম্বৰৰ পিছত পূর্ণকালীন সম্পাদক নিযুক্ত হ’ব৷ অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদক শইকীয়া আছিল এজন প্রথম শ্রেণীৰ ক্রিকেটাৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ লগতে বর্তমান অসম চৰকাৰৰ মহাধিবক্তা হিচাপেও দায়িত্ব পালন কৰি আছে তেওঁ৷ দেৱজিৎ শহকীয়াৰ এই খবৰে অসম ক্রিকেট সন্থালৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা৷ অসম সন্তানৰ এই সফলতাত সকলোৱে জনাইছে শুভেচ্ছা৷ চলিত সপ্তাহত ডুবাইত অনুষ্ঠিত আইচিচিৰ বৈঠকত উপস্থিত আছিল দেৱজিৎ শহকীয়া, যিয়ে ইংগিত দিছিল যে তেওঁ পৰৱর্তী সময়ত সম্পাদকৰ দায়িত্বত থাকিব পাৰে৷ সেই বৈঠকতে বিচিচিআইৰ ব’ৰ্ড ডাইৰেক্টৰ ৰূপে দায়িত্ব গ্রহণ কৰে শহকীয়াই৷ তেওঁ অহা বছৰৰ ছেপ্টেম্বৰলৈকে এই ভূমিকাত থাকিব বুলি আশা কৰা হৈছে৷ তাৰ পিছত খালী পদটোত স্থায়ীভাৱে নিযুুক্তি দিয়া হ’ব৷ দেৱজিৎ শইকীয়াক বিচিচিআইৰ ভাৰপ্রাপ্ত সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে৷ আইচিচিৰ অধ্যক্ষৰ ভূমিকা পালনৰ বাবে জয় শ্বাহে সম্পাদক পদ ত্যাগ কৰাৰ পিছত দেৱজিৎ শইকীয়াক এই পদৰ দায়িত্ব দিয়া হৈছে৷ সংবাদ প্রতিষ্ঠানৰ প্রতিবেদন অনুসৰি, বিচিচিআইৰ নিয়মৰ অধীনত স্থায়ী সম্পাদক নিযুক্তি নোহোৱালৈকে ব’ৰ্ডডৰ সভাপতি ৰ’জাৰ বিন্নীয়ে তেওঁৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি শহকীয়াক অন্তর্ৱর্তীকালীন সময়ৰ বাবে অর্থাৎ স্থায়ী নিযুুক্তি নোহোৱালৈ ভাৰপ্রাপ্ত সম্পাদক হিচাপে নিযুক্তি দিয়ে৷ বিন্নীয়ে দেৱজিৎ শইকীয়ালৈ লিখিছে– বিচিচিআইৰ নিয়ম অনুসৰি নির্ধাৰিত প্রক্রিয়াৰ দ্বাৰা পদটো পূৰণ নোহোৱালৈকে মই আপোনাক সম্পাদকৰ কাম–কাজৰ দায়িত্ব অর্পণ কৰিছোঁ৷ মই নিশ্চিত যে আপুনি আপোনাৰ সর্বশ্রেষ্ঠ সামর্থ্য আৰু আত্মবিশ্বাসেৰে নিজৰ কর্তব্য পালন কৰিব৷ ইপিনে বিচিচিআইৰ ভাৰপ্রাপ্ত সম্পাদক হিচাপে নিযুক্তি পোৱাৰ বাবে অসম ক্রিকেট সন্থাই দেৱজিৎ শহকীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ শেহতীয়াকৈ আইচিচিৰ নতুন সভাপতি ৰূপে দায়িত্ব লোৱা জয় শ্বাহৰ স্থলত যুটীয়া সম্পাদক শহকীয়া ভাৰপ্রাপ্ত সম্পাদক নিযুক্ত হৈছে৷ এচিএৰ সভাপতি তৰংগ গগৈ, সম্পাদক ত্রিদিব কোঁৱৰ আৰু সমগ্র এপেক্স কাউঞ্চিলে এই উল্লেখযোগ্য সাফল্যক লৈ আনন্দ প্রকাশ কৰি ইয়াক অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেট সমাজৰ বাবেই এক গৌৰৱৰ মুহূর্ত বুলি অভিহিত কৰে৷ এচিএৰ সভাপতি তৰংগ গগৈয়ে এক বিবৃতিত কয়– ‘শইকীয়াৰ বিশাল অভিজ্ঞতা আৰু দূৰদর্শী নেতৃত্বই ভাৰতীয় ক্রিকেটৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আমি নিশ্চিত৷ তেওঁৰ নিযুক্তিয়ে খেলৰ প্রতি তেওঁৰ অতুলনীয় নিষ্ঠা আৰু দায়বদ্ধতাকে প্রতিফলিত কৰিছে৷’ একে আৱেগকে প্রতিধ্বনিত কৰি এচিএৰ সম্পাদক ত্রিদিব কোঁৱৰে মন্তব্য কৰে– ‘এই সন্মানীয় পদবীলৈ শহকীয়াৰ যি ঊর্ধ্বমুখী যাত্রা, তাত তেওঁৰ কঠোৰ পৰিশ্রম আৰু খেলবিধৰ প্রতি থকা গভীৰ মর্মই উপলব্ধ হয়৷ কিয়নো শইকীয়া নিজেই এজন খেলুৱৈ আছিল৷ এয়া আমাৰ বাবে গৌৰৱৰ মুহূর্ত৷’ আনহাতে গুৱাহাটী ক্রীড়া সন্থায়ো ব’ৰ্ডৰ ভাৰপ্রাপ্ত সম্পাদক হিচাপে নিযুক্তি লাভ কৰা দেৱজিৎ শইকীয়াক সম্বর্ধনা জনায়৷ গুৱাহাটী ক্রীড়া সন্থাৰ কার্যালয়ত আয়োজিত এক সম্বর্ধনা অনুষ্ঠানত জিএছএৰ সভাপতি পৰেশ চন্দ্র দাস, কোষাধ্যক্ষ অমিয় কুমাৰ কলিতা, যুটীয়া সম্পাদক কাজল পল চৌধুৰী, ক্রীড়া সম্পাদক ক্রিকেট নাছিৰ গুল খানকে ধৰি কেইবাজনো বিষয়ববীয়াই কেক কাটি দেৱজিৎ শইকীয়াক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷