’২৬ৰ লক্ষ্যৰে টীম অসম গঠন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ডিচেম্বৰঃ অহা ২০২৬ চনৰ বিধানসভা নির্বাচনক লক্ষ্য হিচাপে লৈ মন্ত্রীসভাত ব্যাপক ৰদ–বদলেৰে কার্যতঃ ‘টীম অসম’ গঠন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্য চৰকাৰখনে ইতিমধ্যে আৰম্ভ কৰা বিভিন্ন উন্নয়নমূলক কাম–কাজ তথা প্রকল্প ৰূপায়ণৰ লগতে চৰকাৰখনে অনাগত দিনত কৰিবলগীয়া কাম–কাজসমূহ ৰূপায়ণ কৰি চৰকাৰখনে যাতে জনসাধাৰণৰ আস্থা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়, সেই দিশলৈ চাই আজি মুখ্যমন্ত্রী ড০ শর্মাই মন্ত্রীসভাৰ সদস্যসকলৰ দপ্তৰৰ ব্যাপক ৰদ–বদল ঘটায়৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্রী ড০ শর্মাই অহা বিধানসভা নির্বাচন পর্যন্ত চৰকাৰখনক অধিক কার্যক্ষম কৰিব বিচাৰিছে৷ আনকি ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই নিজৰ হাতত থকা স্বাস্থ্য বিভাগৰ লগতে আংশিকভাৱে গৃহ, লোকনির্মাণ বিভাগৰ দায়িত্বও আন মন্ত্রীক অর্পণ কৰিছে৷ উল্লেখ্য যে যোৱা ৭ ডিচেম্বৰত অসম মন্ত্রীসভাত ৪ মন্ত্রী ক্রমে প্রশান্ত ফুকন, কৌশিক ৰয়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাক অন্তর্ভুক্ত কৰে৷ আজি সেই চাৰি মন্ত্রীক দপ্তৰ বিতৰণৰ লগতে বর্তমানৰ মন্ত্রীসকলৰ দপ্তৰৰো কিছু সালসলনি ঘটায়৷ সেই অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ হাতত কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষা বিভাগক বাদ দি গৃহ বিভাগ, কর্মচাৰী বিভাগ, সাধাৰণ প্রশাসন বিভাগৰ অধীনস্থ গৃহ নির্মাণক বাদ দি লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ), প্রধানমন্ত্রী গ্রাম চড়ক যোজনাক বাদ লোকনির্মাণ (পথ) বিভাগ, প্রধানমন্ত্রী আয়ুস্মান ভাৰত যোজনাক বাদ দি চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগকে ধৰি আন মন্ত্রীক দায়িত্ব অর্পণ নকৰা বিভাগসমূহ নিজৰ হাতত ৰাখিছে৷ মন্ত্রী ৰঞ্জিত কুমাৰ দাসক পঞ্চায়ত আৰু গ্রামোন্নয়ন, ন্যায়িক, পর্যটন, সাধাৰণ প্রশাসন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী অতুল বৰাক কৃষি, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, উদ্যান শস্য আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী কেশৱ মহন্তক ৰাজহুৱা আৰু দুর্যোগ ব্যৱস্থাপনা, তথ্য–প্রযুুক্তি, বিজ্ঞান–প্রযুক্তি আৰু বতৰ পৰিৱর্তন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী উর্খাও গৌড়া ব্রহ্মক হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক এক্ট ইষ্ট পলিচী পৰিক্রমা, পৰিৱেশ আৰু বন, সংসদীয় পৰিক্রমা বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা আৰু জনজাতি পৰিক্রমা (ভৈয়াম) বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী যোগেন মহনক পার্বত্য অঞ্চল, পৰিবহণ, সমবায়, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগ (পুৰাতত্ত্ব সঞ্চালকালয় আৰু গ্রন্থাগাৰ আৰু সংগ্রহালয় সঞ্চালকালয়)ৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী অজন্তা নেওগক বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী পীয়ূষ হাজৰিকাক তথ্য আৰু জনসংযোগ, ছপা আৰু মুদ্রণ, সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী বিমল বড়াক সাংস্কৃতিক পৰিক্রমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী, গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী নন্দিতা গার্লোছাক ক্রীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন আৰু সাধাৰণ প্রশাসন বিভাগৰ অধীনস্থ লোকনির্মাণ বিভাগ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ)ৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী প্রশান্ত ফুকনক শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা, চিকিৎসা শিক্ষা আৰু গৱেষণা (প্রধানমন্ত্রী আয়ুস্মান ভাৰত যোজনা আৰু মুখ্যমন্ত্রীয়ে সময়ে সময়ে দিয়া দায়িত্ব) বিভাগ অর্পণ কৰা হৈছে৷ মন্ত্রী কৌশিক ৰয়ক খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্রমা, খনি আৰু খনিজাত, বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা, মীন আৰু লোকনির্মাণ (পথ)ৰ (প্রধানমন্ত্রী গ্রাম চড়ক যোজনা আৰু সময়ে সময়ে মুখ্যমন্ত্রীয়ে অর্পণ কৰা কাম) দায়িত্ব অর্পণ কৰা হৈছে৷ মন্ত্রী ৰূপেশ গোৱালাক শ্রমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ, গৃহ (কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষাকে ধৰি সময়ে সময়ে মুখমন্ত্রীয়ে অর্পণ কৰা কাম) বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে৷ নৱগঠিত এই মন্ত্রীসভাখনলৈ লক্ষ্য কৰিলে দেখা যায় যে পূর্বৰ মন্ত্রী উর্খাও গৌড়া ব্রহ্ম, অজন্তা নেওগ আৰু বিমল বড়াৰ কোনো দপ্তৰৰ সালসলনি হোৱা নাই৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা লোকসভা নির্বাচনৰ সময়তে নির্বাচন শেষ হোৱাৰ পাছতেই অসম মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱাৰ লগতে মন্ত্রীসভাখনৰ ব্যাপক ৰদ–বদলেৰে ২০২৬ চনৰ বিধানসভা নির্বাচনৰ বাবে কার্যক্ষেত্রত অগ্রসৰ হ’ব পৰা এটা টীম গঠন কৰিব বুলি উল্লেখ কৰিছিল৷ সেই লক্ষ্যক সাকাৰ ৰূপ প্রদান কৰি আজি মুখ্যমন্ত্রী ড০ শর্মাই অসম মন্ত্রীসভাৰ ব্যাপক ৰদ–বদলেৰে পুনৰ গঠনৰ লগতে অহা বিধানসভা নির্বাচনলৈ লক্ষ্য ৰাখি কার্যতঃ টীম অসম গঠন কৰিলে৷