ছেপ্টেম্বৰলৈ পাৰফর্মেঞ্চ উন্নত নহ’লে ’২৬ত কটা যাব টিকট
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ডিচেম্বৰঃ উপ–নির্বাচনৰ পিছতেই ২০২৬ৰ নির্বাচনক লৈ বিজেপিৰ আৰম্ভ হৈছে তৎপৰতা৷ উপ–নির্বাচনত পাঁচ সমষ্টিত বিজেপি আৰু মিত্রদলৰ ফলাফল ইতিবাচক হ’লেও ’২৬ৰ বিধানসভা নির্বাচনক লৈ কিন্তু শাসকীয় দলটো আশ্বস্ত হ’ব পৰা নাই৷ মুখ্যতঃ একাংশ বিধায়কৰ কাম–কাজে ২০২৬ চনৰ নির্বাচনৰ প্রাক্ক্ষণত সৃষ্টি কৰিছে যথেষ্ট জটিলতা৷ এনে বিধায়কক লৈয়ে শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা কঠোৰ হোৱাই নহয়, বিধায়কসকলক নিজৰ পাৰফর্মেঞ্চ দেখুৱাবলৈ বান্ধি দিলে সময়সীমা৷ মন্ত্রীসভাৰ সালসলনিৰ ব্যস্ততাৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাই বিজেপি বিধায়কসকলক লৈ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মুখ্যমন্ত্রীয়ে অনুষ্ঠিত কৰা এই বৈঠকতে বিজেপি বিধায়কসকলক ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈ সময়সীমা বান্ধি দিয়ে৷ এই সময়ছোৱাৰ ভিতৰতে প্রতিগৰাকী বিধায়কক নিজ নিজ সমষ্টিত নিজৰ কার্যদক্ষতা বৃদ্ধি কৰাৰ লগতে চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্রতো পদক্ষেপ ল’বলৈ স্পষ্ট নির্দেশনা দিয়ে৷ উল্লেখ্য যে বিজেপিৰ একাংশ বিধায়কক লৈ মুকলি অসন্তুষ্টি প্রকাশ কৰিছে কেন্দ্রীয় নেতৃত্বই৷ ৰাজ্যিক বিজেপিৰ পৰা পোৱা তথ্যৰ ভিত্তিতেই এই বিধায়কসকলৰ কাম–কাজক লৈ অসন্তুষ্ট ৰাষ্ট্রীয় নেতৃত্বই এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাক বিহিত ব্যৱস্থা লোৱাৰ বাবেও কর্তৃত্ব প্রদান কৰিছে৷ শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে নতুন দিল্লীত ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে হোৱা বৈঠকত এই বিষয়বোৰ আলোচিত হৈছে৷ বিশেষকৈ সদ্যসমাপ্ত উপ–নির্বাচনত কংগ্রেছে লাভ কৰা ভোটক লৈও ৰাষ্ট্রীয় নেতৃত্বই সমষ্টিসমূহত বিধায়কৰ অদক্ষতাক লৈ প্রশ্ণ তুলিছিল৷ মুখ্যতঃ এই সকলো বিষয় সামৰি কালিৰ বৈঠকত মুখ্যমন্ত্রীয়ে ২০২৬ৰ নির্বাচনক সহজভাৱে গ্রহণ নকৰিবলৈ বিধায়কসকলক স্পষ্ট কৰি দিয়াই নহয়, একাংশ বিধায়কৰ নাম নোলোৱাকৈ তেওঁলোকৰ সমষ্টিত যে চৰকাৰী আঁচনি সঠিকভাৱে ফলপ্রসূ হোৱা নাই তাকো আঙুলিয়াই দিয়ে৷ সেয়াই নহয়, ভিডিঅ’ কনফাৰেঞ্চখনৰ জৰিয়তে মুখ্যমন্ত্রীয়ে একাংশ বিধায়কে ঠিকাদাৰ বা তোষামোদকাৰীৰ মাজত আবদ্ধ হৈ থকা দিশটোকো উল্লেখ কৰি এনে তোষামোদকাৰী বা একাংশ লোকৰ মাজত বিধায়কসকলক আবদ্ধ হৈ নাথাকিবলৈ নির্দেশ দিয়ে৷ তদুপৰি ’২৬ৰ নির্বাচনৰ প্রাক্ক্ষণত বিৰোধীয়ে বিজেপি বিধায়কক শ’লঠেকত পেলাবলৈ নানা ছল–চাতুৰি কার্যব্যৱস্থা গ্রহণ কৰাৰ সম্ভাৱনাকো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে বিধায়কসকলক অচিনাকি লোক অথবা যুৱতীৰ পৰা আঁতৰত থাকিবলৈ সকীয়াই দিয়ে৷ সমান্তৰালভাৱে সমষ্টিত ভোটাৰ ৰাইজৰ সৈতে সম্পর্ক বৃদ্ধিৰ লগতে অৰুণোদয়, ৰেচন কার্ড আদি সমষ্টিবাসীয়ে লাভ কৰিছেনে নাই সেই বিষয়বোৰো নজৰ দিবলৈ স্পষ্ট কৰে৷ এই বৈঠকতে মুখ্যমন্ত্রীৰ কঠোৰ সকীয়নি– প্রতিগৰাকী বিধায়কৰ সমষ্টিত ইতিমধ্যে দলীয় সমীক্ষা সম্পূর্ণ হৈছে৷ সেই সমীক্ষাই বিধায়কজনৰ কার্যদক্ষতা স্পষ্ট কৰি তুলিছে৷ গতিকে যিসকল বিধায়কে সমষ্টিত নিজৰ কার্যদক্ষতা বৃদ্ধি কৰিব পৰা নাই তেওঁলোকে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত নিজকে সক্রিয় কৰি তোলক৷ অন্যথা সমষ্টিত সলনি হ’ব পাৰে প্রার্থিত্ব৷ বৈঠকত মুখ্যমন্ত্রীয়ে বিধায়কসকলক কঠোৰ বাক্য শুনাই ইয়াকো কয় যে নিজৰ পাৰফর্মেঞ্চ সঠিক কৰিব নোৱাৰিলে সমষ্টিত আন প্রার্থীৰ সন্ধান কৰিব দলে৷ ’২৬ৰ নির্বাচনত প্রার্থিত্বক লৈ মুখ্যমন্ত্রীৰ ওচৰ নাচাপিবলৈও কালিৰ বৈঠকত স্পষ্ট কৰি দিয়াৰ লগতে ড০ শর্মাই পৰৱর্তী সময়ত বিধায়কসকলক লৈ ক্রমাগতভাৱে বৈঠক অনুষ্ঠিত হৈ থাকিব বুলিও জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে দুর্বল তথা দক্ষতাহীন বিধায়কক লৈ দলে ’২৬ৰ নির্বাচনত কোনো ধৰণৰ ৰিস্ক নলয়৷ গতিকে পৰৱর্তী বৈঠকত বিধায়কসকলৰ লগতে সমষ্টিসমূহত প্রার্থিত্বৰ দাবীদাৰ বিজেপি নেতাসকলকো আমন্ত্রণ কৰা হ’ব৷ একে সময়তে মুখ্যমন্ত্রীয়ে ভিডিঅ’ কনফাৰেঞ্চখনৰ জৰিয়তে বিধায়কসকলক ইয়াকো সকীয়াই দিয়ে যে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে কোনো বিধায়কে নিজৰ স্বার্থ সিদ্ধিৰ বাবে কোনো কাম লৈ যাতে মুখ্যমন্ত্রীৰ ওচৰ নাচাপে৷ উল্লেখ্য যে ২০২৬ চনৰ নির্বাচনক যথেষ্ট গুৰুত্বসহকাৰে লোৱা মুখ্যমন্ত্রী ড০ শর্মাই চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ তথা সাংগঠনিক কাম–কাজৰ দিশটোক বিশেষ প্রাধান্য প্রদান কৰিছে৷ আনকি ৰাষ্ট্রীয় নেতৃত্বয়ো শেহতীয়াকৈ ৰাজ্যিক নেতৃত্বক ’২৬ৰ নির্বাচনৰ বাবে সাংগঠনিকভাৱে প্রস্তুতি আৰম্ভ কৰাৰো নির্দেশ প্রদান কৰিছে৷ এনে সময়তে মুখ্যমন্ত্রীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে দলীয় বিধায়কসকলক দিয়া সকীয়নিয়ে দলটোৰ ভিতৰত সৃষ্টি কৰিছে তীব্র চর্চা৷