নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৱাৰী গৃহলৈ ৰূপান্তৰ চৰকাৰী আৱৰ্জনা জমা কৰা গৃহ 

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : পঞ্চদশ বিত্তীয় আয়োগৰ পূঁজিৰে নিৰ্মাণ কৰা এখন ডাষ্টবিন গৃহ আৰু তাৰ ভিতৰৰ দৃশ্য এয়া। আৱৰ্জনা পেলাবলৈ চৰকাৰে নিৰ্মাণ কৰি দিয়া ডাষ্টবিন গৃহটো একাংশ জোৱাৰীয়ে ৰূপান্তৰ কৰালে জুৱাৰী গৃহলৈ। ডাষ্টবিন গৃহটো মুকলি নকৰাৰ আগতে এতিয়া গৃহটোৰ ভিতৰত পৰি আছে দমে দমে হাউচিৰ পেলনীয়া টিকট। উল্লেখযোগ্য যে জোনাইৰ বেৰা চাপৰিস্থিত সাপ্তাহিক বজাৰৰ গাতে লাগি থকা নৱ নিৰ্মিত ডাষ্টবিন গৃহৰ। কিন্তু ডাষ্টবিন গৃহটোৰ ভিতৰত আৱৰ্জনাৰ বিপৰীতে দমে দমে পৰি আছে হাউচিৰ পেলনীয়া টিকট। অঞ্চলটোৰ আবৰ্জনাবোৰ পেলোৱাৰ উদ্দেশ্যে পঞ্চদশ আয়োগৰ পূঁজিৰে প্ৰায় ১.৭৫ লাখ টকা ব্যয় সাপেক্ষে চৰকাৰে নিৰ্মাণ কৰিছে আঁচনিখন ঠিকেই, কিন্তু গৃহটো আৱৰ্জনা পেলাবলৈ ব্যৱহাৰ কৰাৰ বিপৰীতে একাংশই সলনি কৰিলে আদ্দা অথবা জুৱাৰী গৃহলৈ। সপ্তাহৰ প্ৰতি শুক্ৰবাৰে বহা এই সাপ্তাহিক বজাৰত এতিয়া মুকলি কৈ চলিছে নেকি নিষিদ্ধ হাউচিৰ ৰমৰমীয়া জুৱাৰ আদ্দা।
প্ৰেৰক কৰবী দলে
You might also like