নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ কন্যাৰ বিবাহ বজাৰ কৰিলে। কিন্তু দেউতাকে বিয়াখন দেখা নাপাব। শিলচৰৰ উপকণ্ঠ অঞ্চল শিলচৰ-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত সংঘটিত হয় এনে এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। জগন্নাথ টেভেলছৰ নৈশ বাছৰ খুন্দাত ঘটনাস্থলীত নিহত হয় এটা মছজিদৰ ইমাম। মৃত ইমাম মইন উদ্দিন লস্কৰ উধাৰবন্দ সমষ্টিৰ শালগংগাৰ বাসিন্দা আছিল। ৫৩নং শিলচৰ-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰৰ নৰৰ্চিং আখৰাৰ সন্মুখত ইমাম মইন উদ্দিন লস্কৰৰ মৃত্যু হয়। জানিব পৰা মতে, মইন উদ্দিন লস্কৰ আৰু তেওঁৰ খুলশালী স্কুটিৰে শালগংগালৈ উভতি যাওঁতে জগন্নাথ ট্ৰেভেলছৰ এখন বাছে পিছফালৰ পৰা ৰংপুৰ নৰৰ্চিং আখৰাৰ সন্মুখত খুন্দা মাৰে। স্কুটিৰ পিছফালে বহি থকা মইন উদ্দিন বাছখনৰ খুন্দাত পথত বাগৰি পৰে। চালকৰ আসনত বহি থকা খুলশালীজন বাগৰি পৰে যদিও গুৰুতৰ আহত হোৱা নাছিল। কিন্তু বাছৰ খুন্দাত মইন উদ্দিন সোঁফালে বাগৰি পৰে আৰু বাছখনৰ চকাবোৰে তেওঁৰ শৰীৰ থেতেলিয়াই পেলাই যায়। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত উত্তেজনা বিয়পি পৰে। খবৰ পাই কিছু সময়ৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্রণ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰে। ঘটনাৰ পিছতে মাতৃ-কন্যা ঘটনাস্থলীত উপস্থিত হয়। উপাৰ্জন কৰা স্বামীক হেৰুৱাই তেওঁলোকে কান্দি উঠে। জানিব পৰা মতে, মইন উদ্দিন পত্নী, কন্যা আৰু খুলশালীক লৈ বিয়াৰ বজাৰ কৰিবলৈ শিলচৰ চহৰলৈ আহিছিল। মইন উদ্দিন আৰু খুলশালীয়ে বজাৰৰ শেষত সদৰ ঘাটত এখন অট’ত ঘৈণীয়েক আৰু জীয়েকক উঠাই স্কুটীৰে ঘৰলৈ ৰাওনা হৈছিল। কেইকিলোমিটাৰমান যোৱাৰ আগতে মইন উদ্দিন এই ভয়ংকৰ দুৰ্ঘটনাৰ বলি হৈছিল। মন কৰিবলগীয়া যে ছোৱালীজনীৰ বিয়াৰ তাৰিখ আছিল ১১ জানুৱাৰী। কিন্তু শালগংগাৰ বাসিন্দা মইন উদ্দিন লস্কৰে এটা অভিশপ্ত মুহূৰ্তৰ সাক্ষী হৈ ঘৰলৈ উভতি নাহিল। ঘটনাৰ পিছত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি আইনী প্ৰক্ৰিয়াৰ অন্তত মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোৰ পিছত বাছখন পলায়ন কৰে যদিও বাঁশকান্দি আৰক্ষীয়ে তাতেই আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বাছখন জব্দ কৰাৰ উপৰি চালকজনক জিম্মাত লয়। ইফালে স্থানীয় ৰাইজে মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্যৰ দাবী জনাইছে। উধাৰবন্দ সমষ্টিৰ শালগংগাত এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ পোৱাত শোকৰ পৰিৱেশৰ সৃষ্টি হয়।
প্ৰেৰক গৌতম তালুকদাৰ