নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপন জগতত অমিতাভ-শ্বাহৰুখক অতিক্রম কেপ্টেইন কুলৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ চাৰি বছৰ পূর্বে আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছে৷ বছৰত মাত্র দুমাহ আইপিএলত খেলে৷ বাকী সময়খিনি অতিবাহিত কৰে লোকচক্ষুৰ আঁৰত৷ তৎসত্ত্বেও তেওঁক লৈ অনুৰাগীৰ উন্মাদনা অলপো হ্রাস পোৱা নাই৷ প্রাক্তন ক্রিকেটাৰ মহেন্দ্র ধোনীয়ে এইবাৰ নতুন নজিৰ গঢ়িলে বিজ্ঞাপন জগতত৷ সম্প্রতি মার্কিন সংস্থা নিয়েলছন আৰু ব্রিটিছ সংস্থা কাণ্টাৰে যৌথভাৱে প্রস্তুত কৰা এক প্রতিবেদন অনুসৰি, বিজ্ঞাপনৰ মুখ হিচাপে অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানক অতিক্রম কৰিছে ধোনীয়ে৷ বলীউডৰ দুই ছুপাৰষ্টাৰতকৈও অধিক বিজ্ঞাপন কৰে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়কগৰাকীয়ে৷ সমীক্ষা অনুসৰি, বর্তমান ৪২টা বিজ্ঞাপনৰ চুক্তি আছে ধোনীৰ হাতত৷ আনহাতে, অমিতাভ বচ্চনক দেখা যায় ৪১টা বিজ্ঞাপনত৷ শ্বাহৰুখৰ হাতত আছে ৩৪টা বিজ্ঞাপন৷ চলিত বর্ষৰ প্রথম ছমাহত ধোনীৰ ব্রেন ভ্যেলু যথেষ্ঠ বৃদ্ধি পোৱা বুলি কোৱা হৈছে সমীক্ষাটোত৷ ক্রিকেটৰ পৰা দূৰত থকা সত্ত্বেও ধোনীৰ এই জনপ্রিয়তাই সকলোকে বিস্মিত কৰিছে৷ ব্যৱসায়ৰ সৈতে জড়িত বিশেষজ্ঞসকলৰ মতে, তেওঁৰ চাল–চলন আৰু ব্যক্তিত্ব সুকীয়া৷ নম্রতা, শীতল মস্তিষ্ক আৰু বিতর্কহীন জীৱনৰ বাবে ধোনী বিজ্ঞাপন সংস্থাসমূহৰ ওচৰত অতিশয় জনপ্রিয়৷ সেইবাবে খেলপথাৰত নাথাকিলেও খেলপথাৰৰ বাহিৰত নিয়মীয়াভাৱে ছিক্সাৰ কোবাই গৈছে এইগৰাকী ক্রিকেটাৰে৷ সম্প্রতি তেওঁ ইউৰোগ্রীব টায়াৰৰ বিজ্ঞাপনৰ উপৰি গালফ অইল, ক্লিয়াৰট্রিপ, মাষ্টাৰ কার্ডৰ দৰে একাধিক বিখ্যাত বিজ্ঞাপনত দেখা যায় ধোনীৰ উপস্থিতি৷

You might also like