বিটিএডিত নিৰ্বাচনী হিংসা; জ্বলাই দিলে ইউ পি পি এলৰ নিৰ্বাচনী কাৰ্যালয়
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে আনুষ্ঠানিকভাৱে বিটিচি নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ পাছতে সমগ্ৰ বিটিএডি এলেকাত জাৰি হ’ল নিৰ্বাচনী অধিসূচনা । কিন্তু তাৰ থিক কেইঘণ্টামান পাছতেই চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ভিৰানগাঁও প্ৰাথমিক ইউ পি পি এলৰ নিৰ্বাচনী কাৰ্যালয় নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে ।
উল্লেখ্য যে নিশা প্ৰায় ১২ বজালৈ কাৰ্যালয়টোত ইউ পি পি এলৰ কৰ্মী আছিল । তাৰ পিচতে যেতিয়া কাৰ্যালয় এৰি লোকসকল গুচি যায় তাৰ পিচতেই দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে কাৰ্যালয়টো।
ইউপিপিএল দলৰ কাজলগাঁও ব্লক সমিতিৰ সম্পাদক মনেশ্বৰ খাকলাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি ইউপিপিএল দলৰ প্ৰতি মানুহৰ সমৰ্থন দেখি ভয়তে বিৰোধি দল বিপিএফে জ্বলোৱা বুলি অভিযোগ কৰে ।
পিচে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আৰক্ষী বা নিৰ্বাচন আয়োগে কি ধৰনে ব্যৱস্থা গ্ৰহন কৰে সেয়া হ’ব লক্ষণীয় ।