নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ছিৰিয়াত আছাদৰ পতন

যুদ্ধ–সংঘাতত জ্বলি থকা মধ্যপ্রাচ্যৰ ছিৰিয়াত দীর্ঘদিনীয়া আছাদ পৰিয়ালৰ শাসনৰ অৱসান ঘটাই বিদ্রোহী বাহিনীয়ে ক্ষমতা দখল কৰাৰ লগে লগে সমগ্র অঞ্চলটোৰ পৰিস্থিতিক লৈ সৃষ্টি হৈছে নতুন আশংকা৷ সুদীর্ঘ পাঁচটা দশকতকৈ অধিক কাল ধৰি ছিৰিয়া শাসন কৰিছিল আছাদ পৰিয়ালে৷ ২০০০ চনত পিতৃ হাফেজ আল–আছাদৰ বিয়োগৰ পাছত দেশখনৰ ক্ষমতাত আৰোহণ কৰিছিল ৰাষ্ট্রপতি বাছাৰ আল–আছাদে৷ বাছাৰ আল–আছাদ ক্ষমতালৈ অহাৰ পাছতে ছিৰিয়াত আৰম্ভ হয় স্বৈৰতন্ত্রৰ নতুন অধ্যায়৷ ইয়াৰ ফলতেই ২০১১ চনত ছিৰিয়াত আছাদৰ ক্ষমতাৰ বিৰুদ্ধে আৰম্ভ হয় গণতান্ত্রিক আন্দোলন৷ বিশ্বৰ বিশেষজ্ঞসকলে ছিৰিয়াত আৰব্য বসন্তৰ নতুন বজ্রপাত বুলি এই আন্দোলনক অভিহিত কৰিছিল৷ কিন্তু গণতান্ত্রিক আন্দোলনে ৰক্তক্ষয়ী গৃহযুদ্ধৰ ৰূপ লয়৷ বিভিন্ন সশস্ত্র বিদ্রোহী সংগঠনে দেশখনৰ কেইবাখনো প্রদেশত আছাদক উৎখাত কৰাৰ বাবে আৰম্ভ কৰে গৃহযুদ্ধ৷ আনকি কট্টৰ ইছলামিক মৌলবাদৰো উত্থান আৰম্ভ হয় এই গৃহযুদ্ধৰ সময়তে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রপতি আছাদক উৎখাতৰ বাবে ছিৰিয়াৰ অভ্যন্তৰণত বিভিন্ন ধৰণে প্রৱেশ ঘটে আন্তর্জাতিক শক্তিৰ৷ একাংশ সশস্ত্র বিদ্রোহী গোটক আমেৰিকাই প্রত্যক্ষভাৱে সহায় কৰাৰ বিপৰীতে ছিৰিয়াৰ মিত্রদেশ ৰাছিয়া, ইৰাণ আৰু ইৰাণ সমর্থনপুষ্ট লেবাননৰ সশস্ত্র সংগঠন হিজবুল্লাই আছাদক ৰক্ষাৰ বাবে আৰম্ভ কৰে প্রতিৰোধী যুদ্ধ৷ অভ্যন্তৰৰ বহু বিদ্রোহী সংগঠন আৰু বহিঃশত্রুৰ প্রত্যক্ষ যুদ্ধত অংশগ্রহণৰ ফলত ছিৰিয়া হৈ পৰে বধ্যভূমি৷ দেশখনত বিগত ১৩ বছৰৰ গৃহযুদ্ধত প্রাণ হেৰুৱায় পাঁচ লক্ষাধিক লোকে৷ এই সময়ছোৱাত দেশখনৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ একালৰ সমৃদ্ধিশালী ছিৰিয়া গৃহযুদ্ধৰ সময়ছোৱাত দৰিদ্র দেশত পৰিণত হয়৷ শিক্ষা, স্বাস্থ্য আদি বিভিন্ন দিশত দেশখনৰ মান অভাৱনীয়ভাৱে অৱনমিত হ’বলৈ ধৰে৷ এই সময়ছোৱাত এক কোটি বিছ লাখতকৈ অধিক লোক গৃহহীন হৈ পৰে৷ বিদেশত গৈ ভগনীয়াৰ জীৱন কটাবলগীয়া হয় ৫০ লক্ষাধিক লোকে৷

এফালৰ পৰা চাবলৈ গ’লে ছিৰিয়াৰ জনসংখ্যা বিজ্ঞান সলনি কৰি দিয়ে এই গৃহযুদ্ধই৷ ইয়াৰ পাছতো বাছাৰ আল–আছাদ ক্ষমতাত অক্ষত আছিল ৰাছিয়া আৰু ইৰাণৰ দৰে শক্তিৰ প্রত্যক্ষ সহযোগৰ বাবে৷ লক্ষণীয়ভাৱে এই গৃহযুদ্ধৰ মাজতে কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ উত্থানে ছিৰিয়াৰ ইতিহাসত পাশৱিক ৰক্তবন্যাৰ সৃষ্টি কৰে৷ ইছলামিক ষ্টেট দুর্বল হৈ পৰে যদিও আল–কাইদা আৰু মুছলমান মৌলবাদৰ আদর্শৰে পুষ্ট বহু জেহাদী সংগঠনে ছিৰিয়াৰ বিভিন্ন প্রান্তত সাংগঠনিক ভেটি বিস্তাৰ কৰিবলৈ ধৰে৷ এনেদৰে গঢ় লৈ উঠে হায়াত তাহৰিৰ আল–ছাম (এইটিএছ) নামৰ ইছলামিক বিদ্রোহী সংগঠনটোৱে৷ পূর্বে এই সংগঠনটোৰ নাম আছিল নুছ্ৰা ফ্রণ্ট৷ পৰৱর্তী সময়ত ইয়াৰ নাম এইটিএছ হয় যদিও ইছলামিক জেহাদৰ প্রতি এই সংগঠনটোৰ আছে বিশেষ দুর্বলতা৷ শেহতীয়াকৈ এইছটিএছ আৰু ইয়াৰ সহযোগী সংগঠন এটাই বাছাৰ আল–আছাদক ক্ষমতাৰ পৰা উৎখাত কৰিছে৷ মাত্র তেৰ দিন ধৰি চলোৱা ধাৰাবাহিক অভিযানত দুয়োটা বিদ্রোহী সংগঠনে আছাদক উৎখাত কৰিবলৈ সক্ষম হৈছে৷ প্রথমে দেশখনৰ বৃহত্তম চহৰ এলেপ্পো দখল কৰাৰ পাছত হামা, হোম্ছ চহৰ বিদ্রোহীয়ে দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছতে ৰাজধানী ডামাস্কাছ চৰকাৰী বাহিনীৰ কোনো অৱৰোধ অবিহনেই বিদ্রোহীৰ দখললৈ গৈছিল৷ লগে লগে বিদ্রোহী নেতা আবু মহম্মদ আল–জাওলানিয়ে ছিৰিয়াত স্বাধীনতাৰ নতুন সূর্যোদয় হোৱা বুলি ঘোষণা কৰিছে৷ দেশবাসীয়ে আছাদৰ অপসাৰণৰ পৰা মুক্ত হৈ ৰাজধানীত আনন্দ–উল্লাস প্রকাশ কৰিছে৷ ইফালে আছাদে পৰিয়ালসহ পলাই গৈ আশ্রয় লৈছে ৰাছিয়াত৷ কিন্তু ইয়াৰ মাজতে ছিৰিয়াত আৰম্ভ কৰিছে ইজৰাইলে নতুন অভিযান৷ দেশখনৰ সামৰিক ঘাটিত ধাৰাবাহিক বোমা বর্ষণ কৰি আছে ইজৰাইলে৷ ইয়াৰ ফলত ছিৰিয়াত অনাগত দিনত বিদ্রোহীৰ চৰকাৰ গঠন হ’ব নে ইজৰাইলে ইয়াত নতুন হেঙাৰ সৃষ্টি কৰি দেশখন নিয়ন্ত্রণৰ চেষ্টা চলাব তাক লৈ সৃষ্টি হৈছে সন্দেহ৷

You might also like