ভৱানীপুৰত সপ্তম পহুমাৰা মহোৎসৱৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : বিগত বৰ্ষ সমুহৰ দৰে এইবাৰো ভৱানীপুৰ পহুমাৰা মহোৎসৱ পাচদিনীয়া বৰ্নাঢ্য কাৰ্যসুচীৰে শুভাৰম্ভ হৈছে। উল্লেখ্য যে সপ্তম ভৱানীপুৰ পহুমাৰা মহোৎসৱৰ উদযাপন সমিতিৰ কাৰ্যবাহী সভাপতি নিপামনি কলিতাৰ সভাপতিত্বত অনুস্থিত সভাত মহোৎসৱ উদ্বোধন কৰি ড° মনোৰঞ্জন দাসে কয় যে সাহিত্য সংস্কৃতিৰ উত্তোৰনেৰে সামাজিক, বৌদ্ধিক বিকাশৰ ওপৰত অনুস্থান, প্ৰতিষ্ঠান বোৰক গুৰুত্ব দিবলৈ আহ্বান জনায়। আনহাতে মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মীৰা বৰঠাকুৰ গোস্বামীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে “সমাজত জাতি-জনগোষ্ঠীৰ মাজত বিভাজন বিচৰা অপশক্তিক ৰোধ কৰাৰ বাবে সাহিত্যৰ,সংস্কৃতিৰ কাৰ্যসূচীৰ অনুষ্ঠান শক্তিশালীৰূপত অনুষ্ঠিত হ’ৱ লাগিব। সাহিত্য-সংস্কৃতিৰ জৰিয়তে সমন্বয়ৰ ধাৰা শক্তিশালী হ’ৱ। সাহিত্য-সংস্কৃতিৰ মাধ্যমেৰে বৌদ্ধিকতাৰ বিকাশ হয়। ৰাজনৈতিকভাৱে বিভাজিত জনতাক ঐক্যবদ্ধ কৰাৰ শক্তিশালী মাধ্যম সাহিত্য-সংস্কৃতি।গতিকে সমাজৰ ৰাজনৈতিক ক্ষেত্ৰখনত মানুহৰ মাজত ৰাজনৈতিকভাৱে মতানৈক্য থাকিলেও সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত ৰাজনৈতিক মতানৈক্যক স্থান দিব নালাগে।” তাৰোপৰি মীৰা বৰঠাকুৰ গোস্বামীয়ে তেওঁৰ ভাষনত পুণৰ কয় যে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰনৰ ক্ষেত্ৰত সমাজৰ বৌদ্ধিক চিন্তা-চেতনাৰ বিকাশৰ ক্ষেত্ৰত পহুমৰা মহোৎসৱে বিশেষ ভুমিকা গ্ৰহণ কৰা বুলিও কয়। উল্লেখ্য যে সপ্তম পহুমাৰা মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিপামণি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মহোৎসৱৰ উদ্বোধন কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ড° মনোৰঞ্জন দাসে। উদ্বোধনী ভাষনত ড° দাসে সাহিত্য,সংস্কৃতিৰ উত্তৰনেৰে সামাজিক,বৌদ্ধিক বিকাশৰ ওপৰত অনুষ্ঠান, প্ৰতিষ্ঠানবোৰক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। পহুমৰা মহোৎসৱ উদযাপন সমিতিৰ সমন্বয়ক দিপাংকৰ দাসে আত ধৰা উদ্বোধনী সভাত বিশিষ্ট সমাজকৰ্মী অনিল দাস আৰু বিশিষ্ট যুৱ উদ্যোগী কৌশিক দাসে নিমন্ত্ৰিত অতিথিৰূপে বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে ১৫ ডিচেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈছে সপ্তম পহুমাৰা মহোৎসৱৰ।
প্ৰেৰক ভূষণ তালুকদাৰ