বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ ১৫ আগষ্টৰ বোমা সংস্থাপন কাণ্ডৰ সৈতে জড়িত এটা আলফাৰ লিংকমেনক অসম আৰক্ষীয়ে বেংগালুৰুৰ পৰা আটক কৰিছে। আটকাধীন আলফাৰ লিংকমেনটো আফ্রিদ আহমেদ (২৪) বুলি জানিব পৰা গৈছে। উল্লেখ্য, নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনে চলিত বৰ্ষৰ ১৫ আগষ্টত ৰাজ্যৰ বিভিন্ন প্রান্ততঃ কৰা বোমা সংস্থাপন কাণ্ডৰ সৈতে জড়িত হোৱাৰ অভিযোগত এতিয়ালৈকে ১০ জন আলফাৰ লিংকমেনক আটক কৰাৰ লগতে আন কেইবাজনৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। ৰুজু হৈ থকা উক্ত গোচৰৰ ভিত্তিতে মৰাণ আৰক্ষীৰ নিৰ্দেশত বেংগালুৰোৰ পৰা স্থানীয় আৰক্ষীয়ে আলফাৰ লিংকমেন আফ্রিদ আহমেদক আটক কৰে। ধৃত লিংকমেনটোক বেংগালুৰু আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীক আৰক্ষীয়ে গতাই দিয়ে। সম্প্রতি মৰাণ আৰক্ষীয়ে ধৃত যুৱকজনক নিজৰ জিন্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক দীপাংকৰ পাল