নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিল ৪টা বন্যহস্তী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ তিতাবৰত হাতী-মানুহৰ ভয়ংকৰ সংঘাত। তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিল ৪টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ পৰিত্যক্ত পুখুৰীত বিয়লিৰ পৰা দুপৰনিশা পর্যন্ত বোকা পানীৰ মাজত আবদ্ধ হৈ পৰে বন্যহস্তীকেইটা। ইয়াৰ ভিতৰত এটি পোৱালী হাতীও আছিল। হাতীকেইটা মৰিয়নিৰ গিবন অভৰায়ণ্যৰ পৰা খাদ্য তথা পানীৰ সন্ধানত জনাঞ্চললৈ ওলাই অহাৰ সময়তে এইদৰে পানীভৰ্তি পুখুৰীটোত পৰি যায়। স্থানীয় ৰাইজে বন বিভাগক বিপদগ্ৰস্ত বন্যহস্তীকেইটাক উদ্ধাৰ কৰিবৰ বাবে তৎকালীনভাৱে খবৰ দিছিল যদিও বহু সময়লৈকে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। পিছত স্থানীয় ৰাইজে সাহস আৰু তৎপৰতাৰে বহু সময়জুৰি কোৰ , চিপৰাং আদিৰ সহায়ত পুখুৰীটোৰ পাৰ কাটি হাতীকেইটাক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গভীৰ নিশা বিপদগ্ৰস্ত হাতীকেইটা উদ্ধাৰ কৰি অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস পেলায়। উল্লেখ্য যে মৰিয়নিৰ গিবন অভৰায়ণ্যৰ পৰা খাদ্যৰ সন্ধানত তিতাবৰৰ জনাঞ্চললৈ ওলাই অহা প্ৰায় ৭০জনীয়া বন্যহস্তীৰ এটি জাকে তিতাবৰৰ বান্দৰচলিয়া , লেটকুজান, ৰঙাজান, বৰচৈকটা, ধলি আদি অঞ্চলত উপদ্ৰৱ অব্যাহত ৰাখিছে। আনহাতে যথাসময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ উপৰি হাতী উদ্ধাৰ কৰিবৰ বাবে এখন এক্সকেভেটৰৰ ব্যৱস্থা কৰা বুলি ঘোষণা কৰাৰ পিছতো নিশা পৰ্যন্ত উক্ত এক্সকেভেটৰখন ঘটনাস্থলীলৈ আনি নিদিয়াত স্থানীয় ৰাইজৰ ব্যাপক মাত্ৰাত ক্ষোভৰ সৃষ্টি হয়।

You might also like