ইতিহাসৰ পৃষ্ঠাত ঠাই ল’ব ঐতিহাসিক গাব্বা ষ্টেডিয়ামে
🔹 কাইলৈ অন্তিমবাৰৰ বাবে ব্রীজবেনত খেলিব টীম ইণ্ডিয়াই
নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ২০৩২ চনৰ অলিম্পিক আয়োজন কৰিব ব্রীজবেনে৷ ক্রিকেটৰ অসংখ্য স্মৃতি বিজড়িত গাব্বা তুলি দিয়া হ’ব অষ্ট্রেলিয়াৰ অলিম্পিক সংস্থাৰ হাতত৷ এইবাৰেই হয়তো অন্তিমবাৰ গাব্বাত খেলিব ৰোহিত বাহিনীয়ে৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ তৃতীয়খন টেষ্ট শনিবাৰৰ পৰা আৰম্ভ হ’ব ব্রীজবেনৰ গাব্বা ষ্টেডিয়ামত৷ অষ্ট্রেলিয়াৰ এই ষ্টেডিয়ামখনৰ সৈতে জড়িত হৈ আছে ক্রিকেটৰ অজস্র স্মৃতি৷ কিন্তু বিশ্বৰ অন্যতম শ্রেষ্ঠ এই টেষ্ট কেন্দ্রটোৱে কেইবছৰমানৰ ভিতৰতে ইতিহাসৰ পাতত স্থান ল’ব৷ ২০৩২ চনৰ অলিম্পিকৰ আয়োজক ব্রীজবেন হোৱা বাবে ৪২ হাজাৰ দর্শকৰ আসনসমৃদ্ধ এই ষ্টেডিয়ামখন তুলি দিয়া হ’ব দেশখনৰ অলিম্পিক সংস্থাৰ হাতত৷ ফলত, নতুন কোনো ষ্টেডিয়াম বাছনি কৰিব ক্রিকেট অষ্ট্রেলিয়া আৰু কুইন্সলেণ্ড ক্রিকেট সংস্থাৰ কর্মকর্তাসকলে৷ অলিম্পিক আয়োজনৰ বাবে ব্রীজবেনৰ ক্রীড়াৰ আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ অলিম্পিক আয়োজকসকলে মূল ষ্টেডিয়াম হিচাপে গাব্বাকেই চিহ্ণিত কৰিছে৷ অলিম্পিকৰ বাবে ষ্টেডিয়ামখন আধুনিকীকৰণ হ’ব আৰু এথলেটিকছৰ উপযোগী কৰি নতুন ৰূপত গঢ়ি তোলা হ’ব৷ বৃদ্ধি কৰা হ’ব দর্শকৰ আসনৰ সংখ্যাও৷ ফলত, তাৰ পৰা বিদায় ল’ব ক্রিকেটে৷ ২০৩২ চনৰ অলিম্পিকত অন্তর্ভুক্ত হ’ব ক্রিকেট৷ কিন্তু জনপ্রিয় গাব্বাত খেলাৰ সুযোগ নাপাব ক্রিকেটাৰসকলে৷ ক্রিকেটৰ বাবে ব্রীজবেনত সম্ভৱতঃ তৈয়াৰ কৰা হ’ব নতুন ষ্টেডিয়াম৷ এতিয়া গাব্বা ব্যৱহাৰ কৰে ক্রিকেট অষ্ট্রেলিয়া আৰু তাৰ ফুটবল ক্লাব ব্রীজবেন লায়ন্সে৷ নতুন ষ্টেডিয়ামখনো এই সংস্থাই ব্যৱহাৰ কৰিব৷ অহা বছৰ এছেজৰ পিছতেই ইতিহাসত পৰিণত হ’ব ৯৩ বছৰ পুৰণা এই ষ্টেডিয়ামখন৷ উল্লেখ্য যে ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ ফলাফল বর্তমান ১–১৷ ব্রীজবেনত জয়লাভ কৰিলে শৃংখলা দখলৰো সম্ভাৱনা উজ্জ্বল হোৱাৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলাৰ সুযোগো বৃদ্ধি পাব৷ ২০২১ চনত ইয়াতেই মহানাটকীয় বিজয় সাব্যস্ত কৰিছিল ভাৰতে৷ প্রথমখন টেষ্টত ভাৰতে জয়লাভ কৰাৰ পিছত দ্বিতীয়খন মেচত জয়লাভ কৰি সমতা স্থাপন কৰিছিল ঘৰুৱা দলটোৱে৷