ফাঁচীবজাৰৰ ব্যৱসায়িক প্রতিষ্ঠানত অগ্নিকাণ্ড
নিয়মীয়া বার্তা, ১ত মার্চঃ ফাঁচীবজাৰৰ এছআৰচিবি ৰোডৰ এখন ব্যৱসায়িক প্রতিষ্ঠানত বৃহস্পতিবাৰে পুৱা সংঘটিত অগ্ণিকাণ্ডত লক্ষাধিক টকাৰ সা–সম্পত্তি ভস্মীভূত হয়৷ অগ্ণিনির্বাপক বাহিনীৰ সূত্রই জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা প্রায় ৬.২৫ বজাত ফাঁচীবজাৰৰ এছআৰচিবি ৰোডৰ খুচবু গার্মেণ্ট নামৰ কাপোৰৰ দোকানখনত অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ ইয়াৰ পাছতে অঞ্চলটোত তীব্র আতংকজনক পৰিস্থিতিৰ সৃষ্টি হয়৷ অগ্ণিনির্বাপক বাহিনীৰ ৫খনকৈ গাড়ী ঘটনাস্থলিত উপস্থিত হৈ জুই নির্বাপিত কৰিবলৈ সক্ষম হয়৷ এই অগ্ণিকাণ্ডত ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই৷ প্রাথমিক তদন্তৰ অন্তত শ্বর্ট চার্কিটৰ ফলতেই অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি সূত্রটোৱে প্রকাশ কৰিছে৷ উল্লেখ্য যে পূর্বতে ব্যৱসায়–বাণিজ্যৰ কেন্দ্রস্থল ফাঁচীবজাৰত কেইবাটাও ভয়াৱহ অগ্ণিকাণ্ড সংঘটিত হৈছিল৷ অগ্ণিনির্বাপক বাহিনীৰ তৎপৰতাত বুহস্পতিবাৰে অঞ্চলটো ভয়াৱহ অগ্ণিকাণ্ডৰ পৰা ৰক্ষা পৰাত ব্যৱসায়ীসকলে সন্তোষ প্রকাশ কৰিছে৷