নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় চাচ’ক তংনাম অনুষ্ঠান

🔹 বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় চাচ’ক তংনাম অনুষ্ঠান। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি আজি পুৱা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । সাংস্কৃতিক শোভাযাত্ৰাত লিম্বু জনগোষ্ঠী, বড়ো জনগোষ্ঠী , মিচিং জনগোষ্ঠী আদি বিভিন্ন জনগোষ্ঠীয় লোকে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে । বিশিষ্ট সংস্কৃতি গৱেষক ড০ অসীম বৰাই শুভ উদ্বোধন কৰা তথা দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটোত লিম্বু মহাসভাৰ কেন্দ্ৰীয় সভাপতি লক্ষী খাপুঙে সংবাদ মাধ্যমৰ আগত লিম্বু জনগোষ্ঠীক অসম চৰকাৰে অনতিপলমে জনজাতিকৰণৰ মৰ্যাদা দিবলৈ দাবী উত্থাপন কৰে । লগতে বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমি অনুবাদ পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক ছত্ৰমান চুব্বাই লিম্বু জনগোষ্ঠীৰ অসম চৰকাৰে ভাষা, সাহিত্য-সংস্কৃতিৰ বিকাশৰ বাবে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । লগতে কয় যে ভাষা থাকিলেহে সংস্কৃতি থাকিব। তদুপৰি অসমৰ লিম্বুসকলৰ ইতিহাস আৰু আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে উল্লেখ কৰি চুব্বাই কয় যে লিম্বুসকলক জনজাতিকৰণ, ঐতিহ্য, আৰ্থ-সামাজিক অৱস্থাৰ উন্নীতকৰণ, বসবাস, ভাষা-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত । একেদৰে ড০ অসীম বৰাই কয় যে অসমত তাহানিৰে পৰা বসবাস কৰি অহা লিম্বু জনগোষ্ঠীয় লোকসকলে জনজাতিৰ মৰ্যাদা পোৱাটো জৰুৰী । লিম্বুসকলে স্বকীয় বৈশিষ্ট্যৰে নিজৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লগত সমিলমিলেৰে বসবাস কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like