নগাঁৱত ১ কোটি টকাৰ হেৰোইন ব্রাউন ছুগাৰ–নিচাযুক্ত টেবলেট জব্দ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ নগাঁও চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত একাংশ ড্রাগ্ছ মাফিয়াই অলিয়ে–গলিয়ে সুলভ কৰি তুলিছে নিষিদ্ধ ড্রাগ্ছ৷ এই ড্রাগ্ছৰ কবলত পৰি ইতিমধ্যে চহৰখনৰ কেইবাজনো যুৱকে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ চলিত বর্ষৰ জানুৱাৰীৰ পৰা এইপর্যন্ত নগাঁও নগৰ আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ বিভিন্ন অঞ্চলৰ পৰা কেইবাজনো ড্রাগ্ছ মাফিয়া, ড্রাগ্ছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ তৎসত্ত্বেও চহৰখনত ড্রাগ্ছ ব্যৱসায়ীৰ দৌৰাত্ম্য কমা নাই৷ যোৱানিশা নগাঁও আৰক্ষীয়ে চহৰখনৰ পার্শ্বৱর্তী বৰভেটিত মজিবুৰ ৰহমান নামৰ কুখ্যাত ড্রাগ্ছ মাফিয়া এজনৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্রাগ্ছ জব্দ কৰে৷ অভিযানটোৰ নেতৃত্বত আছিল নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্রাপ্ত বিষয়া কুন্দন ৰবিদাস, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্ত আৰু নগাঁও সদৰ থানাৰ উপ–পৰিদর্শক ৰাণা পাটৰে৷ নগাঁও আৰক্ষী সূত্রই জনোৱা মতে, এক গোপন সূত্রৰ খবৰৰ ভিত্তিত কালি নিশা নগাঁও আৰক্ষীৰ দলটোৱে বৰভেটিৰ মজিবুৰ ৰহমানৰ ঘৰত অভিযান চলায়৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়তে আন্ধাৰৰ সুযোগ লৈ ড্রাগ্ছ মাফিয়া মজিবুৰে পলায়ন কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে ড্রাগ্ছ মাফিয়াজনৰ ঘৰৰ পৰা ৭০০ গ্রাম হেৰোইন, ৬০ গ্রাম ব্রাউন ছুগাৰ, নিচাযুক্ত টেবলেট ৭,০০০টা, অতি দামী ‘হাৱাৰ এণ্ড চেনাৰ’টেবলেট ২৪০০টা জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ ড্রাগ্ছ আৰু নিচাযুক্ত টেবলেটখিনিৰ আনুমানিক দাম এক কোটি টকাৰ অধিক হ’ব বুলি নগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া কুন্দন ৰবি দাসে জনাইছে৷ স্মর্তব্য যে প্রায় এমাহ পূর্বে নগাঁও আৰক্ষীয়ে ড্রাগ্ছ মাফিয়া মজিবুৰৰ বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিছিল৷ সেইবাৰো ড্রাগ্ছ মাফিয়াজনে আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হৈছিল৷ নগাঁও আৰক্ষীয়ে পলাতক মজিবুৰৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে যদিও এইপর্যন্ত সফল হ’ব পৰা নাই৷ স্মর্তব্য যে নগাঁও আৰক্ষীক অংগুষ্ঠ প্রদর্শন কৰি নগাঁও চহৰৰ ধিং গেট, মৰিকলং (নগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ), মোলাপট্টি, হয়বৰগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ, চামৰা গুদামৰ ওচৰত, চকীটুপ, ভূঞাপট্টি, লাওখোৱা ৰোড, ইটাপাৰা, বিষ্ণুনগৰ, পানীগাঁও, ডিমৰুগুৰি, মালো, চাৰিখুঁটি প্রমুখ্যে বিভিন্ন অঞ্চলত একাংশ ড্রাগ্ছ মাফিয়া, ড্রাগ্ছ ব্যৱসায়ীয়ে বিভিন্ন এজেণ্টৰ জৰিয়তে ড্রাগ্ছৰ বেহা চলাই আছে৷