নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত নিচাসক্ত যুৱতীৰ উদ্ভণ্ডালি, থানাতো মহিলা আৰক্ষীৰে হতাহতি

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চকীঘাটত নিচাত মগ্ন দুই যুৱতীয়ে চলালে তাণ্ডৱ৷ তেজপুৰ দিশৰ পৰা এখন স্কুটীত অহা দুই যুৱতীয়ে নিচাসক্ত অৱস্থাৰে জামুগুৰিহাটৰ চকীঘাট দলঙৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ উদ্ভণ্ডালি কৰি থকা দেখি ৰাইজে জামুগুৰি আৰক্ষীক খৱৰ দিয়ে৷ পিছত আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হোৱাৰ মাত্ৰকে দুই যুৱতীয়ে আৰক্ষীক আক্ৰমণ কৰে। ফলত দুইগৰাকী আৰক্ষী ক্ৰমে গৃহৰক্ষী জোৱান চফিকুল ইছলাম আৰু মহিলা আৰক্ষী কনিষ্টবল দীপা গিৰি গুৰুতৰভাবে আহত হয়৷ আৰক্ষীৰ দলটোৱে দুয়োগৰাকী যুৱতীক আটক কৰি জামুগুৰি থানালৈ আনে৷ আৰু আহত দুই আৰক্ষীক উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ নিয়ে৷ চিকিৎসকে মহিলা কনিষ্টবল গৰাকীক চিকিৎসালয়ত ভৰ্ত্তি কৰি চিকিৎসা প্ৰদান কৰে যদিও মহিলা আৰক্ষী কনিষ্টবল দীপা গিৰিৰ অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ইফালে আৰক্ষী থানাখনৰ ভিতৰতো দুই যুৱতীয়ে মহিলা আৰক্ষীৰ সৈতে হতাহতি কৰা পৰিলক্ষিত হয়৷ থানাৰ ভিতৰত পুৰুষ আৰক্ষীকো চোচা লোৱা যুৱতী দুগৰাকী ড্ৰাগছ আসক্ত বুলি ধাৰণা কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে উদণ্ড যুৱতী শেৱালি দাস তেজপুৰ লালমাটি নিৱাসী আৰু পৰীস্মিতা তামুলী নাৰায়ণপুৰৰ খলিহামাৰীৰ বুলি জানিব দিছে৷ আৰক্ষীয়ে দুই উদণ্ড যুৱতীৰ স্বাস্থ্যৰ পৰীক্ষাৰ অন্তত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷

প্ৰেৰক হিৰণ্য বৰা

You might also like