নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচল সোঁভৰিৰে বিছনাত যন্ত্রণাদায়ক জীৱন আগিয়াৰ বলোৰামৰ

স্বাস্থ্যমন্ত্রীৰ সহায় প্রার্থনা অসহায় দৰিদ্র পিতৃ–মাতৃৰ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ পখিলা খেদাৰ বয়সতে কর্কটত আক্রান্ত হৈ বিছনাত ছটফটাই থাকিবলগীয়া হৈছে গোৱালপাৰা জিলাৰ আগিয়াৰ এগৰাকী শিশুৱে৷ আগিয়াৰ নিকটৱর্তী বাপুপাৰা ২য় খণ্ডৰ কুশল নাথ আৰু বাসন্তী নাথৰ ৯ বছৰীয়া একমাত্র সন্তান বলোৰাম নাথ চিকিৎসাৰ অভাৱত বিগত কেইবামাহ ধৰি বিছনাতে ছটফটাই আছে৷ বাপুপাৰা প্রাথমিক বিদ্যালয়ৰ চতুর্থ শ্রেণীৰ ছাত্র বলোৰাম নাথে কেইবামাহ পূর্বে সমনীয়াৰ স’তে খেলি থাকোঁতে হঠাৎ সোঁভৰিত আঘাত পাইছিল৷ পিছত দিন যোৱাৰ লগে লগে ভৰিৰ বিষত থাকিব নোৱাৰা বলোৰামক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিয়ে পৰিয়ালে৷ তাত চিকিৎসকে ভৰিত কেঞ্চাৰ হোৱাটো নিশ্চিত কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামর্শ দিয়ে৷ চিকিৎসকৰ পৰামর্শমতে পিতৃ–মাতৃয়ে প্রথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু পিছত বি বৰুৱা কেঞ্চাৰ হাস্পতাললৈ নিয়ে৷ তাত বহু চিকিৎসা সত্ত্বেও স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত পৰিয়ালে শিশুটিক পুনৰ ঘৰলৈ লৈ আহে৷ চিকিৎসকে শিশুটিৰ সোঁভৰিখন কাটি পেলোৱাৰ পৰামর্শ দিছে, অন্যথা চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ কোনো আগশাৰীৰ কেঞ্চাৰ চিকিৎসালয়লৈ নিয়াৰ পৰামর্শ দিছে৷ ইফালে চিকিৎসকৰ পৰামর্শ শুনি দিকবিদিক হেৰুৱাইছে দৰিদ্র পিতৃ–মাতৃয়ে৷ শিশুটিক আৰু উন্নত চিকিৎসাৰ বাবে অসমর্থ পৰিয়ালটো৷ অর্থৰ অভাৱত ভাগি পৰিছে পিতৃ–মাতৃয়ে৷ কিয়নো মেঘালয়ৰ উলিয়াম নগৰত আনৰ দোকানত কাম কৰি পৰিয়াল চলোৱা পিতৃয়ে অসমর্থ একমাত্র সন্তানটিৰ চিকিৎসাৰ বাবে৷ সৰুৰে পৰা ভাৰতীয় সেনাত যোগ দিয়াৰ লক্ষ্য বান্ধি ৪/৫ বয়সৰ পৰাই সমনীয়াৰ সৈতে নিয়মিতভাৱে দৌৰি আছিল শিশুটি৷ সদায় দৌৰি ফুৰা শিশুটিৰ সোঁভৰিখন আজি প্রায় বিকল৷ প্রচণ্ড বিষত অনবৰতে চিঞৰি থকা শিশুটিৰ অৱস্থা দেখি আজি সকলোৱে চকুপানী টুকিছে৷ এতিয়া কেৱল চকুপানীৰে বাট নেদেখা হৈছে দুর্ভগীয়া পিতৃ–মাতৃও৷ যাৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সহায়ৰ লগতে সদাশয় ৰাইজৰ সহায় বিচাৰিছে এই দৰিদ্র পৰিয়ালটিয়ে৷ কোনো লোকে এই শিশুটিক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে পিতৃৰ ৭৮৯৬৯–৫৩৯৭২ নম্বৰত যোগাযোগ কৰাৰ লগতে স্থানীয় বৰভিটা শাখাত থকা চেণ্ড্রেল বেংকৰ একাউণ্ট নং ৩১৩৩৩০৮৩৩২ আৰু আইএফএছচি চিবিআইএন০২৮২৩১১–যোগে সহায় কৰিব পাৰে৷

You might also like