নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত নৱনিৰ্বাচিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাক বিপুল সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ উপ নিৰ্বাচনত চামগুৰিৰ ৰাইজে মোক বিপুল ভোটত জয় কৰালে৷ মই সদায় ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিম ৷ যুৱ প্ৰজন্মৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিম৷ চামগুৰি সমষ্টিৰ ছাত্ৰছাত্ৰীসকল বৰ্তমান উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু প্ৰতিযোগিতা মুলক পৰীক্ষাত কেনেকৈ অবতীৰ্ণ হব পাৰে তাৰ ব্যৱস্থা গ্ৰহন কৰিম ৷- এই মন্তব্য নৱনিৰ্বাচিত চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাক চামগুৰি সমষ্টিৰ অন্তৰ্গত শিৱস্থান আৰু কনুৱামাৰি অঞ্চলত বিজেপি কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলে বিপুলভাবে সম্বৰ্দ্ধনা জনায়৷ ২৪ বছৰ কংগ্ৰেছ দল তথা ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিটোত এইবাৰ উপ নিৰ্বাচনত প্ৰায় ২৫ হাজাৰ ভোটৰ ব্যৱধান বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক পৰাজয় কৰি সমষ্টিটোত বিজেপিৰ ধজ্জা উৰুৱাবলৈ সক্ষম হয়৷ চামগুৰি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাক যোৱাকালি চামগুৰি সমষ্টিৰ অন্তৰ্গত শিৱস্থান আৰু কনুৱামাৰি অঞ্চলৰ বিজেপি কাৰ্যকৰ্তা সকলে বিপুলভাৱে সম্বৰ্ধনা জনায়৷ উক্ত সম্বৰ্ধনা সভা দুখনত বিধায়ক দিপ্লৰঞ্জন শৰ্মাই ভাষণ প্ৰসংগত কয় যে আমি কেতিয়াও কংগ্ৰেছৰ দৰে ভয় ভাবুকি ৰাজনীতি নকৰো ৷ আমি কেতিয়াও অত্যাচাৰৰ ৰাজনীতি নকৰো৷ বিজেপিয়ে সদায় সকলোৰে উন্নয়নৰ কাৰণে কাম কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ আগৰ ৰাখি চামগুৰি সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিম ৷ কলিয়াবৰ জিলা বিজেপিৰ উপ সভাপতি পাৰ্থ প্ৰতিম হাজৰিকা চামগুৰি মণ্ডল বিজেপিৰ সভাপতি সুৱত্ত সিংহা,কলিয়াবৰ যুৱ মৰ্চাৰ সভাপতি লক্ষীৰঞ্জন কাকতিকে প্ৰমুখ্যে কৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতা কৰ্মী উপস্থিত থকা অনুষ্ঠানটোত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ভাষণ প্ৰসংগ কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ লগত থাকি সদায় ৰাইজৰ হকে কাম কৰি আহিছে৷ যাৰ বাবে আজি ভাৰতৰ ভিতৰতে নহয় পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহত ৰাজনৈতিক দল হিচাপে পৰগনিত হৈছে৷ সাধাৰণ ঘৰৰ লৰা ছোৱালীয়ে কংগ্ৰেছৰ দিনত এপিএছচি পাবলৈ সক্ষম হোৱা নাছিল।কংগ্ৰেছৰ দিনত টকা নিদিয়ালৈকে কোনো সাধাৰন ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পোৱা নাছিল৷ আজি বিজেপি চৰকাৰ অহাৰ পাছত দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে টকা নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হৈছে৷ এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ পৰিবৰ্তন আৰু এই পৰিবৰ্তনৰ কাৰণে ৰাইজৰ আৰ্শীবাদ পাইছোঁ আৰু ৰাইজৰ আৰ্শীবাদ সদায় শিৰত লৈ আমি কাম কৰি যাম৷ উক্ত সম্বৰ্ধনা সভাত বিজেপি নেতা মছটিকুৰ ৰহমান হবিবুৰ ৰহমান বিক্ৰম বনিককে ধৰি বহু সংখ্যক বিজেপি নেতা আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like