নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যৰক্ষাৰ বাবে খোজকাঢ়িবলৈ গৈ প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়াই

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ : আজি নিচেই পুৱাতে স্বাস্থ্য ৰক্ষাৰ বাবে খোজ কাঢ়িবলৈ গৈ মৰাণ নগৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে থিতাতে প্ৰাণ হেৰুওৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হোৱা মৰ্মান্তিক ঘটনাই অঞ্চলটোত শোকৰ বন্যা বোৱাইছে। ঘটনাৰ বিৱৰণী মতে, ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ১নং মিৰিহোলা গাঁও নিবাসী অসম আৰক্ষী বিভাগৰ চেপন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক (APRO) সুনীল দিহিঙীয়াই চুবুৰীয়া সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মুকেশ গগৈ আৰু আন এগৰাকীৰ লগত নিয়মিত প্ৰাত:ভ্ৰমণ কৰি ঘৰলৈ ঘূৰি আহোতে মৰাণ জ্যোতিপুৰ (মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত)ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক মটৰ দুৰ্ঘটনাত পতিত হয়। তিনিগৰাকী পথচাৰী পকী পথৰ দাঁতিৰে নিজৰ পথেৰে ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা AS06-AL 7736 য়ামাহা মটৰচাইকেলেৰে খুন্দা মৰাত মূৰত গুৰুতৰভাৱে আঘাট পায় ৫৮ বছৰীয়া আৰক্ষী বিষয়া সুনীল দিহিঙ্গীয়াই আৰু গুৰুতৰভাৱে আহত হয় অৱসৰী সৈনিক মুখেন গগৈ, মটৰচাইকেল চালক ঔম বিভূতি বৰুৱা আৰু আৰোহী জিণ্টু মূৰাৰী। দুৰ্ঘটনা সংঘটিত কৰা ঔম বিভূতি বৰুৱাই জনোৱা মতে, ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম কমলদৈ গাঁৱৰ দুই যুৱক তথা মৰাণ চিনিয়ৰ চেকেণ্ডেৰী আৰু মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে ঔম বিভূতি বৰুৱা আৰু জিণ্টু মূৰাৰীয়ে মটৰচাইকেলেৰে ঘৰলৈ গৈ আছিল। বেলেগ বেলেগ সূত্ৰই যোগান ধৰা খবৰ মতে, তিনিগৰাকী পথচাৰী চৰাইদেউ জিলাৰ মৰাণহাটস্থিত পেটুৱা দলং (সেউজপুৰ)লৈ খোজকাঢ়ি ঘূৰি আহিছিল। আনহাতে, ছাত্ৰ দুজনে মহাবিদ্যালয়ৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণৰ দলটোত তেজপুৰৰ ভালুকপুঙলৈ গৈ ঘূৰি আহিছিল। মৰাণ নগৰত থৈ যোৱা মটৰচাইকেলেৰে ঘৰলৈ গৈ আছিল ছাত্ৰদ্বয়। ছাত্ৰ দুজনৰ দুৰাতি টোপনি ক্ষতি হোৱাৰ লগতে পুৱা যথেষ্ট পৰিমাণে কুঁৱলি পৰিছিল। সেই সময়তে বিপৰীত দিশৰ পৰা এখন ট্ৰাক গাড়ী অতি পোহৰ দি মটৰচাইকেলখনৰ সন্মুখত উপস্থিত হোৱাত সম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ঔম বিভূতিয়ে পথৰ দাঁতিলৈ নিওঁতে পথচাৰী দুজনক খুন্দা মাৰে। মূৰত আঘাতপ্ৰাপ্ত সুনীল দিহিঙীয়াৰ থিতাতে মৃত্যু ঘটে আৰু আহত তিনিওগৰাকীক মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসা কৰায়। প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে মুখেন গগৈক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ শিৱসাগৰলৈ প্ৰেৰণ কৰিছে মৰাণহাট থানাৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে, চাকৰীসূত্ৰে পথালিবাম দিহিঙীয়া গাঁৱৰ পৰা মৰাণৰ ১ নং মিৰিহোলা গাঁৱত স্থায়ীভাৱে পৰিবাৰ, এক কন্যা আৰু এক পুত্ৰ সন্তানসহ বসবাস কৰা সুনীল দিহিঙীয়াৰ আকস্মিক মৃত্যুত বৃহত্তৰ মিৰিহোলাবাসীয়ে শোক প্ৰকাশ কৰিছে।
প্ৰেৰক অজিত চুতীয়া
You might also like