নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ডিচেম্বৰঃ ৰাজ্যত শীত বাঢ়ি অহাৰ লগে লগে বনভোজথলীলৈ সোঁত বৈছে অজস্র জনতাৰ৷ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বনভোজথলীসমূহত শেহতীয়াকৈ বিভিন্ন ঠাইৰ পৰা অহা বনভোজকাৰী দলে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ বনভোজৰ সময়ছোৱাত সুৰাৰ প্রচলন বৃদ্ধি হোৱাত আৰক্ষী–প্রশাসন অধিক তৎপৰ হোৱা দেখা গৈছে৷ সুৰাপান কৰি বনভোজথলীত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা লোকসকলৰ প্রতি প্রশাসনে চোকা দৃষ্টি ৰখাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে প্রশাসনে৷ বিশেষকৈ চন্দ্রপুৰ–পানীখাইতী বনভোজৰ বতৰত যাতে কোনো অপ্রীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে আগতীয়া পদক্ষেপ গ্রহণ কৰিছে প্রশাসনে৷ এই উদ্দেশ্যে চন্দ্রপুৰ ৰাজহ চক্র এলেকাত স্থায়ী আৰু অস্থায়ীভাৱে থকা বনভোজথলী কর্তৃপক্ষৰে এখন সভাত মিলিত হয় স্থানীয় প্রশাসন৷ এই সভাত মুখ্যতঃ ডিমৰীয়া সমজিলাৰ আয়ুক্ত বিশ্বজিৎ শইকীয়া উপস্থিত থাকে৷ সমজিলাৰ আয়ুক্তগৰাকীয়ে বিশেষকৈ বনভোজথলীসমূহত সুৰা ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্রদান কৰি কর্তৃপক্ষৰ দায়িত্বৰ কথা উল্লেখ কৰে৷ তেওঁ লগতে বনভোজৰ দল প্রৱেশ কৰা মাত্রেই বাহনৰ নম্বৰ আৰু চালকৰ নাম–ঠিকনা সংগ্রহ কৰিবলৈ নির্দেশ দি সুৰাপান কৰি বাহন নচলাবলৈ সকীয়নি দিবলৈ পৰামর্শ দিয়ে৷ তাৰ পিছতো যদি সুৰাৰ ব্যৱহাৰ অধিক হোৱা পৰিলক্ষিত হয় তেন্তে লগে লগে আবকাৰী বিভাগ, আৰক্ষী তথা প্রশাসনক অৱগত কৰিবলৈ পৰামর্শ দিয়ে৷ কোনোৱে বনভোজথলীত যাতে সুৰা বিক্রীৰ ব্যৱস্থা নকৰে তাৰ বাবেও কঠোৰভাৱে সকীয়াই দিয়ে স্বত্বাধিকাৰীসকলক৷ ইয়াৰ উপৰি বনভোজথলীত অবৈধভাৱে নৌকা ভ্রমণৰ ব্যৱস্থা নকৰিবলৈ উল্লেখ কৰি বিষয়াজনে প্রয়োজনত বিভাগীয় অনুমতি ল’বলৈ পৰামর্শ দিয়ে৷ তেওঁ লগতে বনভোজৰ দিনকেইটাত পথত সুৰাপায়ী চালকৰ বিৰুদ্ধে এমভিআইৰ জৰিয়তে অভিযান চলাব বুলিও প্রকাশ কৰে সভাত৷ এই সভাত চক্র বিষয়া কৃষ্ণ অর্জুন বর্মন, স্থানীয় গাঁওপ্রধান আৰু ১৪খন বনভোজথলীৰ স্বত্বাধিকাৰী উপস্থিত থাকে৷