নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত চাঞ্চল্য, বৰাক নদীত ডুবিল এল্টো বাহন, উদ্ধাৰ দুই মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : কাছাৰৰ বৰখলাৰ ৰায়পুৰত চাঞ্চল্য। নিয়ন্ত্রণ হেৰাই বৰাক নদীত বুৰ গ’ল এল্টো বাহন। পিছত গোটেই নিশা অভিযানৰ পিছত পুৱাৰ ভাগত উদ্ধাৰ মা আৰু কেঁচুৱাৰ মৃতদেহ। ঘটনাৰ বিৱৰণী মতে, কালি কাছাৰ জিলাৰ বৰখলাৰ বুৰিবাইলৰ বাসিন্দা ৰইচ উদ্দীনে পত্নী আৰু ১৩ মহীয়া কেঁচুৱা কন্যাৰ সৈতে এল্টো গাড়ীৰে শিলচৰলৈ গৈছিল চিকিৎসকক দেখুৱাবলৈ। চিকিৎসক দেখুৱাই ঘৰলৈ অহা বাটত ৰায়পুৰত নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত ডুব যায় এল্টো বাহনখন। ইয়াৰ মাজতে স্বামী ৰইচ উদ্দীনে গাড়ীৰ গ্লাছ ভাঙি ওলাই আহে যদিও পত্নী আৰু ১৩ মহীয়া কেঁচুৱা কন্যা বাহনৰ সৈতে নদীত বুৰ ‌যায়। পিছত ৰইচ উদ্দীনৰ চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজে সাৰ পাই ওলাই আহে যদিও গাড়ীখন দেখা পোৱা নাই। স্থানীয় লোকে ৰইচক শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ আৰক্ষীৰ দল উপস্থিত হয়৷ পিছত এছডিআৰ এফ আৰু এনডিআৰএফ বাহিনীয়ে গোটেই নিশা তালাচী চলায় যদিও পুৱা মাতৃ আৰু কেঁচুৱা কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like