নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ ডিচেম্বৰ, পুহ মাহৰ ৩ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : মূলা, যাত্রা : নাই

মেষ : শুভ ৰং নীলা, সংখ্যা ৫। হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ ঘৰলৈ সুখ আহিব৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ প্রতিকাৰ – ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱ ধ্যান কৰিব৷
বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৩। যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ – তুলসীৰ গছৰ গুৰিত পানী ঢালি ধূপ–চাকি জ্বলাব৷

মিথুন : শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ স্বাস্থ্যৰ যত্ন ল’ব৷ চাকৰিৰ ক্ষেত্রত সন্মান লাভ হ’ব৷ প্রতিকাৰ – ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷

কর্কট : শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ – অগৰু–চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷

সিংহ : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ প্রতিকাৰ – বেল গছৰ গুৰিত ধূপ, চাকি জ্বলাব৷

কন্যা : শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ – হনুমান চালিচা পাঠ কৰিব৷

তুলা : শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ আনৰ কথা শুনি কোনো কাম নকৰিব৷ প্রতিকাৰ – পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢালি ধূপ জ্বলাব৷

বৃশ্চিক : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ – পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷

ধনু : শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ প্রতিকাৰ – কপালত চন্দনৰ ফোঁট ল’ব৷

মকৰ : শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ খং দমাই ৰাখক৷ চাকৰিৰ বাবে লাগি থকাসকলে ভাল খবৰ পাব পাৰে৷ প্রতিকাৰ – ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷

কুম্ভ : শুভ ৰং নীলা, শুভ সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ মূৰত আঘাত পাব পাৰে৷ প্রতিকাৰ – তিনিটা ৰঙা জবা ফুল লৈ শিৱ লিংগত অর্পণ কৰি শিৱক ধ্যান কৰিব৷

মীন : শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ চাকৰিৰ খবৰ আহিব পাৰে৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ প্রতিকাৰ – পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like