নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাৰ শশী কুমাৰ চাহ বাগিচাত শ্ৰমিক-মালিকৰ সংঘাত

🔹 ব্ৰিটিছৰ আৰ্হিত বাগিচা পৰিচালনাৰ অভিযোগ, ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰ : গোৱালপাৰাৰ শিমলীতোলাৰ শশী কুমাৰ চাহ বাগিচাৰ শ্ৰমিকৰ মাজত লাগিছে হাহাকাৰ। মালিক পক্ষৰ বিপক্ষে শোষণ-বঞ্চনাৰ অভিযোগ উত্থাপন হৈছে |কেইবাদশকৰে পৰা নিৰিখ ভিত্তিত বাগানৰ শীতকালীন কলম কটা কামৰ বিপৰীতে সম্প্ৰতি মালিক পক্ষই হেনো ধাৰ্য কৰি দিছে ৮ ঘণ্টা কামৰ সময়সীমা | কোনো আগতীয়া জাননী নিদিয়াকৈ বাগিচাত মালিক পক্ষই গ্ৰহণ কৰা এনে সিদ্ধান্তক হঠকাৰী আখ্যা দিছে বাগিচাখনৰ শ্ৰমিক সন্থাই | বিগত ২ ডিচেম্বৰৰ পৰা কামৰ পৰা শ্ৰমিক-মজদুৰসকল বিৰত থকাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা প্ৰতিটো পৰিয়ালত | আনহাতে, মালিক পক্ষই পশ্চিমবংগৰ পৰা আমদানি কৰা শ্ৰমিকেৰে নীতি বহিৰ্ভূতভাৱে কাম কৰিবলৈ লোৱাত শ’লঠেকত পৰিছে বাগানৰ নিয়মীয়া শ্ৰমিকসকল | ফলত বৃহস্পতিবাৰে পুৱাই সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে বাগিচা খেলপথাৰত সমৱেত হয় বাগিচাৰ শতাধিক শ্ৰমিক পুৰুষ-মহিলা | বাগিচাৰ কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি বাহিৰৰ একাংশক মকৰল কৰাৰো গুৰুতৰ অভিযোগ মালিক পক্ষৰ বিৰুদ্ধে। একেদৰে শ্ৰমিক পৰিয়ালৰ অনুপযোগী কোৱাৰ্টাৰ, খোৱাপানীৰ সমস্যা আদিৰো অভিযোগ | মুঠতে বাগিচাখনৰ মালিক পক্ষই বাগিচাৰ নিয়মীয়া শ্ৰমিক-মজদুৰ আৰু কৰ্মচাৰীসকলক শোষণ-বঞ্চনাৰে ব্ৰিটিছৰ আৰ্হিত বাগিচা পৰিচালনা কৰা বুলিও ক্ষোভ উজাৰে সমৱেত শ্ৰমিক-মজদুৰসকলে | শীঘ্ৰে জিলা প্ৰশাসন, চৰকাৰক বিষয়টোৰ সু-মীমাংসাৰ দাবী জনাইছে শশী কুমাৰ চাহ বাগিচাৰ শ্ৰমিক -মজদুৰ সন্থাৰ সভাপতি সঞ্জয় বাদলিং আৰু সম্পাদক বিজয় কাণ্ডালনাই |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like