মিছামাৰীৰ জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ, বনাঞ্চললৈ ওভতালে বনকৰ্মীয়ে
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলত পোৱালিসহ ১১টা হাতীৰ এটা জাক প্ৰৱেশ কৰাত অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভয়শংকাত দিনটো অতিক্ৰম হয়৷ হাতীৰ জাকটো খাদ্যৰ সন্ধানতে হওক বা গন্তব্যস্থান যোৱাৰ পথৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰা হাতীৰ জাকটোক বন সুৰক্ষা বাহিনীৰ লোকে কোনোধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ লাহেলাহে বনাঞ্চলৰ দিশে খেদি পঠিওৱাৰ পাছতহে গঞা ৰাইজৰ মাজত স্বস্তিৰ নিশ্বাস এৰা বুলি জানিবলৈ দিছে৷ সম্প্ৰতি ৰাজ্যখনৰ বনাঞ্চল সমুহত খাদ্যৰ সংকট সৃষ্টি হোৱাৰ ফলত হাতীকে আদি কৰি বন্যপ্ৰাণী সমুহ বনাঞ্চলৰ পৰা জনাঞ্চল লৈ ঢাপলি মেলা সৰ্বজনবিদিত৷ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰ নামেৰী, সোণাই-ৰূপাই আদি অভয়াৰণ্যৰ দৰে অন্যান্য বনাঞ্চলত বাহৰ পতা জাকজাক বনৰীয়া হাতী প্ৰায়ে কাষৰীয়া জনাঞ্চলত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি খাদ্যৰ অনুসন্ধান চলাই আহিছে৷ মাজেসময়ে বন্যহস্তিৰ জাকে জনাঞ্চললৈ গতি কৰি খাদ্যৰ অনুসন্ধান চলোৱাৰ দৰে কেইবাটাও পোৱালিৰ সৈতে ১১টা হাতীৰ এটা জাক বৃহত্তৰ মিছামাৰী অঞ্চলৰ বাঁহবেৰা, দীঘলদল, ধানমাৰা, পাতিদৈ ভেৰেলা, গৰুবন্ধা, নবিল পথাৰ হৈ সোণাই-ৰূপাই অভয়াৰণ্য অভিমুখে গৈ আছিল যদিও মানুহৰ অতপালিৰ কাৰণে হাতীৰ জাকটো নবিল পথাৰ গাঁৱৰ এটা ঘন জংঘলত অৱশেষত থমকি ৰ’বলগীয়া হয়৷ হাতীৰ এটা জাক অঞ্চলটোত প্ৰৱেশ কৰাৰ খবৰ পাই স্থানীয় গাভৰু খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া মিদুৰ ৰহমানৰ নেতৃত্বত বন সুৰক্ষা বাহিনীৰ এটা দল হাতী পদাৰ্পণ কৰা ঠাইলৈ ঢাপলি মেলে আৰু হাতীৰ জাকটোক সোণাই-ৰূপাই অভয়াৰণ্য দিশে খেদি পঠিওৱাৰ চেষ্টা চলাই ৷ অঞ্চলটোত প্ৰৱেশ কৰাৰ পাছত হাতীৰ জাকটোৱে লাহেলাহে গৈ মিছামাৰী কলেজ চৌহদত প্ৰৱেশ কৰে আৰু তাৰপৰাই হাতীৰ জাকটোক বন সুৰক্ষা বাহিনীৰ জোৱান সকলে শূন্য লৈ গুলী ফুটাই সোণাই-ৰূপাই অভয়াৰণ্যৰ দিশে খেদি পঠিয়াবলৈ চেষ্টা চলাই ৷ প্ৰায় দুঘণ্টা ধৰি সুৰক্ষা বাহিনীৰ জোৱান সকলে হাতীৰ জাকটোক বনাঞ্চল লৈ খেদি পঠিওৱাৰ চেষ্টা চলাই যদিও অৱশেষত চাৰিওপিনে মানুহ ভীৰ দেখি হাতীৰ জাকটোক নবিল পথাৰ গাঁৱৰ জংঘলত এৰি দিয়ে ৷ পাছত প্ৰায় আঢ়ৈ মান বজাত হাতীৰ জাকটো তাৰপৰা লাহেলাহে ওলাই পুনৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ দিশে ৰাওনা হয় ৷ গাভৰু বন কাৰ্যালয়ৰ বিষয়া, বন সুৰক্ষা বাহিনীৰ জোৱান সকলে ৰাইজৰ কোনোধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ হাতীৰ জাকটোক নিৰাপদে বনাঞ্চল দিশে ঘুৰাই পঠিয়াবলৈ চেষ্টা চলায়৷ বাতৰি লিখা পৰলৈকে বন সুৰক্ষা বাহিনীৰ জোৱানসকলে হাতী খেদা অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ৷
প্ৰেৰক বগা তপ্ন